আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে এক সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সম্বৰ্দ্ধিত বিষয়া সকলৰ লগত ভাৱ বিনিময় কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, মুখ্য সচেতক তথা মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, শিক্ষা সম্পাদক শিৰষ দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য তথা পৰিৱেশ কৰ্মী সীমান্ত দাস, সদস্য তথা প্ৰাক্তন ছাত্র নেতা হেমন্ত কুমাৰ চৌধুৰী, সদস্যদ্বয় বিমল নাথ, জিতুমণি দাসৰ নেতৃত্বত সম্বৰ্দ্ধনা জনোৱা হয়। আৰম্ভণিতে পলাশবাৰী ৰাজহ চক্রৰ চক্র বিষয়া ধ্ৰুৱজ্যোতি ফুলাম গামোচা, কিতাপৰ টোপোলা, এটি গছৰ পুলিৰে সম্ভাষণ জনায়। ইয়াৰ পিছত পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱেন্দ্ৰ ব্ৰহ্ম, দক্ষিণ কামৰূপ লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা কাৰ্তিক বিশ্বাস, মিৰ্জা বৈদ্যুতিক সংমণ্ডলৰ উপ-সংমণ্ডল বিষয়া (এচ ডি ও) হিৰকজ্যোতি দাস আৰু পলাশবাৰী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া (ৰেঞ্জাৰ) মৃণাল জ্যোতি মেধিক সম্ভাষণ জনোৱা হয়। সম্বৰ্দ্ধনা গ্রহণ কৰি এ চি এচ বিষয়া ধ্ৰুৱজ্যোতি পাঠকে কয়- মই এই সম্বৰ্দ্ধনা গ্রহণ কৰি অভিভূত। ইতিবাচক দৃষ্টিভঙ্গিৰে আমি সমাজ গঢ়িব লাগিব। কৰ্মতৎপৰতা, দক্ষতাৰে আমি কাম কৰিব পাৰিব লাগিব। আৰক্ষী বিষয়া জীৱেন্দ্ৰ ব্ৰহ্মই কয়- আমি সকলোৱে সামাজিক দায়বদ্ধতা মানি কাম কৰিব লাগিব। সকলোৰে মাজত নিজস্ব ভাবমূর্তি পৰিচ্ছন্নভাৱে উজ্জ্বল কৰি ৰাখিব পাৰিব লাগিব। আদৰ্শ থাকিলে উন্নতি কৰিব পাৰি। লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা কাৰ্তিক বিশ্বাসে কয়- সংস্কৃতি থাকিলেহে এটা জাতি জীয়াই থাকে। সচেতন মঞ্চৰ চিন্তা বৰ উন্নত মানৰ। সমাজ গঢ় দিয়াৰ যি মানসিকতা, সেয়া শলাগিবলগীয়া। বন বিষয়া মৃণাল জ্যোতি মেধিয়ে কয়- অতুলনীয় কৰ্মৰাজীৰে সচেতন মঞ্চ আগবাঢ়িছে। গছপুলি ৰোপণ, সংৰক্ষণৰ লগতে গুণিজনক প্ৰদানৰ যি চিন্তা, ই সচাঁই উন্নত। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- এখন সমাজ সুন্দৰ ধৰণৰে গতিশীল কৰাত প্ৰশাসনীয় বিষয়া- কৰ্মচাৰীসকলৰ দায়িত্ব, দায়বদ্ধতা, কৰ্তব্য অনেক। সকলো বিভাগৰে উমৈহতীয়া প্ৰচেষ্টাত অঞ্চলবোৰ উন্নতি হয়। মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- ইতিবাচক ধৰণেৰে প্ৰতিজন বিষয়াই আগবাঢ়িব লাগে। তেওঁলোকৰ জড়িয়তে অঞ্চলৰ লগতে ৰাজ্যৰ উন্নতি হয়। মঞ্চৰ মুখ্য সচেতক কমল চন্দ্র মেধিয়ে কয়- জনগণৰ সুখ-দুখ বুজি প্ৰশাসনীয় বিষয়াবোৰে কাম কৰিব লাগে। সৎ তথা দক্ষ বিষয়াই এক নতুন সংস্কাৰ সাধন কৰিব পাৰে। দক্ষিণ কামৰূপ সচেতন মঞ্চৰ এই কাৰ্যপন্থাক বৃহত্তৰ অঞ্চলৰ ৰাইজে একেমুখে প্ৰশংসা কৰিছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী