গুৱাহাটীৰ এ’প’ল হাস্পতালৰ আন এক সাফল্য

0 251

গুৱাহাটীৰ এ’প’ল হাস্পতালে অলপতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব প্ৰথম এঞ্জিঅ’প্লাষ্টি (ষ্টেণ্টিং) অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। য’ত নতুনকৈ উদ্ভাৱন কৰা ইণ্ডিজিনিয়াচ দিজলভিং ষ্টেণ্ট ব্যৱহাৰ কৰা হয়। হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰিতুপৰ্ণ বৰুৱা আৰু তেওঁৰ ইণ্টাৰভেনশ্বন কাৰ্ডিঅ’ল’জি দল ( Interveational Cardiology team) ৰ ডাঃ দি.জি.দত্ত আৰু ডাঃ ৰনদীপ কে. এন্ শিৱমে এই সমগ্ৰ প্ৰক্ৰিয়াতো সফলতাৰে সম্পন্ন কৰে।
৪৪ বছৰীয়া এই ৰোগীগৰাকী অৰুণাচল প্ৰদেশৰ পৰা চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহে। প্ৰথমে তেওঁ বুকুৰ বিষ অনুভৱ কৰি আছিল যদিও এই বিষ ক্ৰমাৎ বাঢ়ি অহাত তেওঁ গুৱাহাটীৰ এ’প’ল হাস্পতালত যোৱা জুন মাহৰ ২৬ তাৰিখে ভৰ্তি হয়। হাস্পতালত প্ৰথমে‌ অন্য পৰীক্ষা-নিৰীক্ষাৰ লগতে ই.চি.জি কৰোৱা হয় আৰু ই.চি.জি ৰ ৰিপোৰ্ট তথা তেওঁৰ ক্ৰমাৎ বাঢ়ি অহা বুকুৰ বিষৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰীকালীনভাৱে ক’ৰ’ণাৰী আৰ্টাৰী এঞ্জিঅ’গ্ৰাফী‌ কৰায় (Coronary artery angiography) । হৃদয়ত ব্লকেজ থকা বুলি ধৰা পৰাৰ পিছত তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হোৱাত হাস্পতালখনত উপলব্ধ দিজলভিং ষ্টেণ্টৰ জৰিয়তে যোৱা ২৭ জুনত এঞ্জিঅ’প্লাষ্টি (Angioplasty) প্ৰক্ৰিয়া সফলতাৰে ‌সম্পন্ন হয়।

Leave A Reply

Your email address will not be published.