ক’ভিডৰ পৰিস্থিতিৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকা পৰিপ্ৰেক্ষিত ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অধ্যয়ন আৰু স্বাস্থ্যৰ বুজ ল`লে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চাৰিজন শিক্ষকে। মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত দূৰণিবটীয়া অনাগ্ৰসৰ অঞ্চলৰ পৰা আহি অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী সকল ঘৰতে থাকিব লগা হৈছে। তেনে পৰিস্থিতিতে শিক্ষক হিচাপে নিজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা দায়বদ্ধতাক গুৰুত্ব দি নিজাববীয়া প্ৰচেষ্টাত শিক্ষকৰ দলটোৱে বকো সমষ্টিৰ অন্তৰ্গত পিছপৰা চৰ অঞ্চলৰ লগতে সোনতলি, কালাতলি, ছমৰীয়া আৰু ছয়গাও সমষ্টিৰ অন্তৰ্গত জোৰ শিমলু, গৰৈমাৰী, গুমি আদি অঞ্চললৈ গৈ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বুজ লয়। মহাবিদ্যালয় খনৰ গণিত বিভাগৰ অধ্যাপক প্ৰশান্ত কলিতাৰ নেতৃত্বত যোৱা অধ্যাপকৰ দলটোত আছিল ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক উৎপল দাস, জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধ্যাপক মানবেন্দ্ৰ কলিতা, ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড: শৈলেন্দ্ৰ কুমাৰ দাস। মহাবিদ্যালয় খনৰ বিজ্ঞান শাখাৰ কৰ্মচাৰী নয়ন কলিতাইও সহযোগ কৰে। ক’ভিড কালীন পৰিস্থিতিৰ মাজত থকা ছাত্ৰ- ছাত্ৰী সকল কেনেদৰে আছে বা পঢ়া শুনা কেনেকৈ কৰিছে বা অনলাইন ক্লাছৰ জৰিয়তে পাঠ্যক্ৰম বুজিছেনে নাই তাৰ খবৰ লয়। দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ শ্ৰেণী সমূহ বন্ধ হৈ থকাৰ ফলত শিক্ষাৰ্থীসকলৰ ব্যাঘাত হৈছে। বিশেষকৈ বিজ্ঞান শাখাত অধ্যয়নৰত শিক্ষাৰ্থী সকলে পাঠ্যক্ৰমৰ বিষয়বস্তু বুজি পোৱাত যথেষ্ট অসুবিধাৰ হৈছে । এই অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষক কেইজনে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।লগতে ছাত্ৰ-ছাত্ৰী মনোবল বৃদ্ধি কৰি অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। ক`ভিড পৰিস্থিতিৰ মাজত মিৰ্জাৰ পৰা শিক্ষক কেইজনে ছাত্ৰ ছাত্ৰীৰ ঘৰ বিচাৰি তেওঁলোকৰ কাষলৈ অহাত উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থী সকল। উল্লেখ্য যে, নেটৱৰ্ক ভালকৈ নথকাৰ বাবে অনাগ্ৰসৰ অঞ্চলৰ এই সমূহ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছে। এই চাৰি গৰাকী শিক্ষকে শৈক্ষিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি ছাত্ৰ ছাত্ৰীৰ ওচৰলেগৈ তেওঁলোকক নিজৰ ব্যক্তিগত ফোন নম্বৰত ফোন কৰি অধ্যয়নত অসুবিধা পালে যোগাযোগ কৰিবলৈ উপদেশ দিয়ে। শিক্ষক কেইজনে অভিভাৱক সকলৰ সৈতেও তেওঁলোকৰ সন্তানৰ অধ্যয়নত হোৱা সমস্যা আৰু উপায় সন্দৰ্ভত আলোচনা কৰে। শিক্ষাৰ্থীৰ প্ৰতি দায়বদ্ধ শিক্ষক কেইজনৰ এই পদক্ষেপক অভিভাৱক সকলে আদৰণি জনাইছে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য