ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে পুৰণি অঙ্গনাবাদী কেন্দ্ৰ সমূহ নতুনকৈ আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰলৈ ৰূপান্তৰ কৰি আহিছে। সমান্তৰালভাৱে ২৯ নং পলাশবাৰী সমষ্টিৰ ৰামপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত নিৰ্মিত দখলা কলিতাপাৰা ২২ নং আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই উপলক্ষে হেমন্ত কলিতাই আঁতধৰা অনুষ্ঠিত সভাত বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে, ৰাজ্যৰ শিশু সকলৰ বাবে এখন আইন প্ৰৱৰ্তন কৰিছে। যিখন আইনৰ জৰিয়তে শিশু ল’ৰা-ছোৱালীবোৰে আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰত পঢ়াতো অত্যন্ত জৰুৰী। দখলা কলিতাপাৰাত এখন নতুনকৈ আদৰ্শ অঙ্গনাবাদী স্থাপন হব। ইয়াক আমি সকলোৱে ৰক্ষণা বেক্ষণা দিব লাগিব। লগতে বিধায়ক ঠাকুৰীয়াই দখলা অঞ্চলৰ বসুন্ধৰা ২.০ আঁচনিৰ জৰিয়তে কিছু সংখ্যক লোকে মাটিৰ পট্টা লাভ কৰিছে। আৰু যিসকলে মাটিৰ পট্টা বৰ্তমান পোৱা নাই তেওঁলোকে বসুন্ধৰা ৩.০ আঁচনিত আবেদন কৰিবলৈ আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী সময়ত পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব। লগতে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আবাস গৃহ, বিশুদ্ধ খোৱা পানী আদি পৰ্যায়ক্ৰমে প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে। শতাধিক পুৰুষ-মহিলা উপস্থিত থকা অনুষ্ঠানত দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতা (কাকতি), সাধাৰণ সম্পাদক জগদীশ দাস, প্ৰাক্তন সাধাৰণ সম্পাদক পুলক দাস, নতুনকৈ স্থাপন হবলগীয়া আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰটোৰ আবণ্টন লাভ কৰা ঠিকাদাৰ অপূৰ্ব তালুকদাৰ, ৰামপুৰ উন্নয়ণ খণ্ডৰ চুপাৰ ভাইজাৰ জীনা দেউৰী, দখলা ক’লনী কলিতাপাৰা অঙ্গনাবাদী শিক্ষয়িত্ৰী মালতী ঠাকুৰীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ