ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে পুৰণি অঙ্গনাবাদী কেন্দ্ৰ সমূহ নতুনকৈ আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰলৈ ৰূপান্তৰ কৰি আহিছে। সমান্তৰালভাৱে ২৯ নং পলাশবাৰী সমষ্টিৰ ৰামপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত নিৰ্মিত দখলা কলিতাপাৰা ২২ নং আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই উপলক্ষে হেমন্ত কলিতাই আঁতধৰা অনুষ্ঠিত সভাত বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে, ৰাজ্যৰ শিশু সকলৰ বাবে এখন আইন প্ৰৱৰ্তন কৰিছে। যিখন আইনৰ জৰিয়তে শিশু ল’ৰা-ছোৱালীবোৰে আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰত পঢ়াতো অত্যন্ত জৰুৰী। দখলা কলিতাপাৰাত এখন নতুনকৈ আদৰ্শ অঙ্গনাবাদী স্থাপন হব। ইয়াক আমি সকলোৱে ৰক্ষণা বেক্ষণা দিব লাগিব। লগতে বিধায়ক ঠাকুৰীয়াই দখলা অঞ্চলৰ বসুন্ধৰা ২.০ আঁচনিৰ জৰিয়তে কিছু সংখ্যক লোকে মাটিৰ পট্টা লাভ কৰিছে। আৰু যিসকলে মাটিৰ পট্টা বৰ্তমান পোৱা নাই তেওঁলোকে বসুন্ধৰা ৩.০ আঁচনিত আবেদন কৰিবলৈ আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী সময়ত পট্টা দিয়াৰ ব্যৱস্থা কৰা হ’ব। লগতে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আবাস গৃহ, বিশুদ্ধ খোৱা পানী আদি পৰ্যায়ক্ৰমে প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে। শতাধিক পুৰুষ-মহিলা উপস্থিত থকা অনুষ্ঠানত দখলা কলিতাপাৰা ৰাইজ গয়ৰহৰ সভাপতি জয়ন্ত কলিতা (কাকতি), সাধাৰণ সম্পাদক জগদীশ দাস, প্ৰাক্তন সাধাৰণ সম্পাদক পুলক দাস, নতুনকৈ স্থাপন হবলগীয়া আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰটোৰ আবণ্টন লাভ কৰা ঠিকাদাৰ অপূৰ্ব তালুকদাৰ, ৰামপুৰ উন্নয়ণ খণ্ডৰ চুপাৰ ভাইজাৰ জীনা দেউৰী, দখলা ক’লনী কলিতাপাৰা অঙ্গনাবাদী শিক্ষয়িত্ৰী মালতী ঠাকুৰীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান