অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত দিছপুৰ ছুপাৰ মাৰ্কেটত নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন অহা ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰিব। ইতিমধ্যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে ৩১ অক্টোবৰত সেঁতুখনৰ নিৰ্মাণ কার্য সম্পূৰ্ণ কৰি লোক নিৰ্মাণ বিভাগক চমজাই দিছে। ইফালে উৰণীয়া সেঁতুৰ নিৰ্মাণ কৰাৰ সময়ত কাৰিকৰী কাৰণত অস্থায়ীভাবে স্থানান্তৰ কৰিব লগীয়া হোৱা দিছপুৰ ছুপাৰ মাৰ্কেটৰ ট্ৰেফিক পইণ্টৰ সমীপৰ পুৰণি শিৱলিংগটো পুনৰ যথাস্থানত এটা সৰুকৈ মন্দিৰ আকৃতিৰ গৃহ নিৰ্মাণ কৰি স্থাপন কৰা হৈছে । আজি সন্ধিয়া উৰণীয়া সেঁতুৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে যাবতীয় পূজা অৰ্চনা কৰাৰ পাছত উৰণীয়া সেঁতুৰ তলত নিৰ্মাণ কৰা উদ্যানত শিৱলিংগটো স্থাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তাত্ৰয় প্ৰাণজিত তালুকদাৰ, বিশ্বজিৎ কলিতা আৰু বন্দনা শইকীয়া, উৰণীয়া সেঁতু নিৰ্মাণ কার্যৰ লগত জড়িত কেবাজনো লোক উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে