অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ দিব্যাংগ লোকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ নেতৃবৃন্দৰে এক বিশেষ আলোচনাত মিলিত হয় । সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত, সঞ্চালককে ধৰি শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই সংগঠনৰ নেতৃত্বৰ পৰা ৰাজ্যখনৰ দিব্যাংগ ব্যক্তিসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় । ৰাজ্য চৰকাৰৰ চাকৰিত দিব্যাংগসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক আহ্বান জনোৱাত তেঁও সকলো বিভাগতে দিব্যাংগসকলে সাংবিধানিক সংৰক্ষণৰ সুবিধা নিশ্চিতৰূপত লাভ কৰিব বুলি উল্লেখ কৰে । আনহাতে চৰকাৰী চাকৰিৰ আবেদনৰ মাছুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীন সকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে বিভাগীয় বিষয়াৰে কথা হয় আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে । প্ৰতিনিধি সকলে গুৱাহাটীত দিব্যাংগ লোক সকলৰ বাবে জিৰণী ঘৰ আৰু লুইছ ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। লুইছ ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনত মন্ত্ৰী হাজৰীকাই সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি দিব্যাংগসকলৰ বাবে জিৰণি ঘৰৰ বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰা হ’ব বুলি প্ৰকাশ কৰে।আনহাতে ৰাজ্যখনত বহুকেইটা সংগঠনে সক্ৰিয়ভাৱে দিব্যাংগসকলৰ বাবে কাম কৰি থকাটো উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলো সংগঠনকে সমিল মিলেৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । সংগঠনৰ নামত কোনেও যাতে দিব্যাংগসকলক হাৰাশাস্তি নকৰে তাৰ বাবেও মন্ত্ৰী হাজৰীকাই সকলোকে আহ্বান জনায় । আনহাতে একাংশ সংগঠনে দিব্যাংগসকলৰ বিভিন্ন দাবীৰ বাবে সততে আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰা বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলন কৰাৰ বাবে আমাৰ সকলোৰে সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু দিব্যাংগসকলৰ দল সংগঠনে যিকোনো সময়তে বিভাগীয় শীৰ্ষ বিষয়া আৰু মন্ত্ৰীক লগ কৰিব পাৰে আৰু আন্দোলনৰ কাৰ্যসূচী লোৱাৰ আগতেই আলোচনাৰ জড়িয়তে সমস্যাসমূহ সমাধান কৰিব পাৰে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS