অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ দিব্যাংগ লোকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ নেতৃবৃন্দৰে এক বিশেষ আলোচনাত মিলিত হয় । সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত, সঞ্চালককে ধৰি শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই সংগঠনৰ নেতৃত্বৰ পৰা ৰাজ্যখনৰ দিব্যাংগ ব্যক্তিসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় । ৰাজ্য চৰকাৰৰ চাকৰিত দিব্যাংগসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক আহ্বান জনোৱাত তেঁও সকলো বিভাগতে দিব্যাংগসকলে সাংবিধানিক সংৰক্ষণৰ সুবিধা নিশ্চিতৰূপত লাভ কৰিব বুলি উল্লেখ কৰে । আনহাতে চৰকাৰী চাকৰিৰ আবেদনৰ মাছুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীন সকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে বিভাগীয় বিষয়াৰে কথা হয় আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে । প্ৰতিনিধি সকলে গুৱাহাটীত দিব্যাংগ লোক সকলৰ বাবে জিৰণী ঘৰ আৰু লুইছ ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। লুইছ ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনত মন্ত্ৰী হাজৰীকাই সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি দিব্যাংগসকলৰ বাবে জিৰণি ঘৰৰ বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰা হ’ব বুলি প্ৰকাশ কৰে।আনহাতে ৰাজ্যখনত বহুকেইটা সংগঠনে সক্ৰিয়ভাৱে দিব্যাংগসকলৰ বাবে কাম কৰি থকাটো উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই সকলো সংগঠনকে সমিল মিলেৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । সংগঠনৰ নামত কোনেও যাতে দিব্যাংগসকলক হাৰাশাস্তি নকৰে তাৰ বাবেও মন্ত্ৰী হাজৰীকাই সকলোকে আহ্বান জনায় । আনহাতে একাংশ সংগঠনে দিব্যাংগসকলৰ বিভিন্ন দাবীৰ বাবে সততে আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰা বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলন কৰাৰ বাবে আমাৰ সকলোৰে সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু দিব্যাংগসকলৰ দল সংগঠনে যিকোনো সময়তে বিভাগীয় শীৰ্ষ বিষয়া আৰু মন্ত্ৰীক লগ কৰিব পাৰে আৰু আন্দোলনৰ কাৰ্যসূচী লোৱাৰ আগতেই আলোচনাৰ জড়িয়তে সমস্যাসমূহ সমাধান কৰিব পাৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন