পৰমার্থম গোটৰ চতুৰ্থ বর্ষপূৰ্তি উদযাপন                  

0 222

গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত যোৱা ২৮ আগষ্টত গুৱাহাটীৰ আগশাৰীৰ ফেছবুক গোট পৰমাৰ্থমৰ চতুৰ্থ বর্ষপূৰ্তি অনুষ্ঠানটো অনুষ্ঠিত হয় । বিশিষ্ট লেখক মুকুট শৰ্মা আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক শিশু সাহিত্যক যুগললোচন দাস উপস্থিত থকা বর্ষপূৰ্তি অনুষ্ঠানটোত আঠখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ।অনুষ্ঠানত বিশিষ্ট কবি শিখামণি চৌধুৰীৰ কবিতা পুথি , অৰুণীমা হাজৰিকাৰ প্ৰৱন্ধ সংকলন , লুকুমণি বৰুৱাৰ কবিতা পুথি ,  ৰেণু ভূঞাৰ কবিতা পুথিকে ধৰি পৰমাৰ্থম গোটৰ মুখপত্ৰ “পৰামৰ্থম” উন্মোচন কৰে আন্তৰাষ্ট্ৰীয় কবি খেমলাল পোখৰেলয়ে । বর্ষপূৰ্তি অনুষ্ঠানটোৰ জৰিয়তে পৰামর্থম গোটত লেখা লেখক সকলক উৎসাহিত কৰাৰ মহৎ উদ্দেশ্যেৰে অণুগল্প , কবিতা আদি লিখা কবি-গল্পকাৰ সকলক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বঁটা প্ৰদান কৰা হয়। বর্ষপূৰ্তি অনুষ্ঠানটোত সংগীত অনুষ্ঠান পৰিবেশন কৰে ক্ৰমে জনপ্ৰিয় শিল্পী মাধুৰী গগৈ , চন্দামিতা ঠাকুৰীয়া আৰু ৰূপাংখী শৰ্মাই । উল্লেখনীয় যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনিশ গৰাকী অতিথি গোট খাই এক সম্বনয়ৰ এনাজৰী গঢ়ি তোলে বুলি জানিবলৈ দিয়ে পৰমাৰ্থম গোটৰ সম্পাদক জোন বৰাই। 
              

Leave A Reply

Your email address will not be published.