দিল্লীৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসমীয়া যুৱকে

0 246

অসমৰ দুটা প্ৰধান সমস্যাকলৈ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসমৰ এজন যুৱকে।অৰ্বীণ কুমাৰ বৰুৱা নামৰ যোৰহাটৰ পুলিবৰৰ যুৱকজনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কালিলৈ মনোনয়ন পত্ৰ দাখিল কৰিব।সমৰকলাৰ খেলুৱৈ তথা অভিনেতা অৰ্বীণ কুমাৰ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মূহুত্বত এন ই ফ’কাচ ডট কমৰ আগত মনৰ ভাৱ  এনেদৰে ব্যক্ত কৰে-নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাইট টু ৰিকল বিধেয়কক প্ৰধান বিষয় হিচাপে লৈ মই প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছো।এই ক্ষেত্ৰত মই কও এজন খেলুৱৈয়ে যিদৰে জিকিম বুলিয়েই খেল পথাৰত নামে, মইও জিকিম বুলিয়েই অগ্ৰসৰ হ’ম ।মোৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে যদিও মই আশাবাদী ।উল্লেখযোগ্য যে অৰ্বীণ কুমাৰ বৰুৱাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।ইতিপূৰ্বেও যোৱা ১১এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা যোৰহাট লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।স্মতৰ্ব্য যে বৰুৱা দিল্লীৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হোৱা প্ৰথমজন অসমীয়া ।

Leave A Reply

Your email address will not be published.