প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাইলৈ অসমত উপস্থিত হ’ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান । দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব পঞ্জাবৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মানে। দুপৰীয়া ১ বজাত টিংৰাইৰ বঙালী বালিজানত অনুষ্ঠিত হ’ব নিৰ্বাচনী সমাবেশ। দ্বিতীয় দিনা অৰ্থাৎ ১৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ভগৱন্ত মানে। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ৰোড শ্ব’ কাৰ্যসূচী ।দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰিব পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ১৩ তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্ৰমণসূচী। মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই । উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্ৰমণসূচী তথা নিৰ্বাচনী প্ৰচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাছতে অসমলৈ আহি আছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন