দুৰ্ঘটনামুক্ত অসম আৰু সুদক্ষ চালক সৃষ্টিৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৫০ জনী যুৱতীক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত পত্ৰ বিতৰণ

0 266

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন দুর্ঘটনামুক্ত অসম গঢ়াৰ লগতে ৰাজ্যৰ যুৱ চামক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ লগতে সুদক্ষ গাড়ী চালক সৃষ্টিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ৰ বাছনি কমিটিৰ ( ডি এল এছ চি ) জৰিয়তে ৫০ জনকৈ যুৱক যুৱতীক বিনামূলীয়াকৈ গাড়ী চালনাৰ উপযুক্ত প্ৰশিক্ষণ দিবৰ বাবে জিলা পৰিবহণ বিষয়া সকলক বিগত বৰ্ষৰ শেষ ভাগতে নিৰ্দেশ দিছিল । এই সন্দৰ্ভত কামৰূপ মহানগৰৰ জিলা পৰিবহণ বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত আৰু ডি এল এছ চিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়া মুখ্যমন্ত্ৰীৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে অৱশেষত কেবাটাও বিভাগীয় পৰ্যায়ৰ পৰীক্ষণৰ অন্তত ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়েও ইয়াৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টি ক্ৰমে – জালুকবাৰী , দিছপুৰ , পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুমোদনৰ পাছত ২০০ জন যুৱক – যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰিছে । ইয়াৰে ৫০ জনী হৈছে যুৱতী । উল্লেখযোগ্য যে চৰকাৰী নিৰ্দেশনা অনুসৰি নিৰ্বাচিত যুৱতী সকলক গুৱাহাটীৰ ৰিহাবাৰীত থকা মহিলা আই টি আইত ৪৫ দিনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হব । প্ৰশিক্ষণৰ অন্তত তেওঁলোকক জলপানী হিচাপে ৩,৩৭৫ টকা প্ৰদান কৰা হব । তেনেদৰে আৰম্ভণিতে প্ৰতি গৰাকীকে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব । প্ৰশিক্ষণৰ কালছোৱাত তেওঁলোকক গাড়ী চালনাৰ পৰীক্ষা লোৱা হব আৰু তাৰ পাছত লঘূ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ দিয়া হব । ইফালে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচিত ৫০ জনী যুৱতীক নিৰ্বাচিত প্ৰমাণ পত্ৰ বিতৰণ উপলক্ষে ৬ মেত বেতকুছিস্থিত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয় । সভাত নিৰ্বাচিত যুৱতী সকলক পত্ৰ বিতৰণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আটাইকে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁলোক যাতে প্ৰশিক্ষণৰ অন্তত একো একোজন সুদক্ষ চালক হৈ স্বনিৰ্ভৰশীল হোৱাৰ লগতে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনত বাস্তৱ ৰূপ দি ৰাইজৰ লগতে পৰ্যটকক সেৱা আগবঢ়ায় তাৰ কামনা কৰে। সভাত ভাৰতীয় সেনাৰ চিকিৎসক কৰ্ণেল ডাঃ ডি জে বৰা , মহিলা আই টি আইৰ অধ্যক্ষ কৃষ্ণ বণিয়া , মুখ্য প্ৰশিক্ষক প্ৰণৱ দাস , জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ যান বাহন পৰিদৰ্শক দুৰ্গা গগৈ উপস্থিত থাকে । উল্লেখযোগ্য যে অহা কিছুদিনৰ ভিতৰতে নিৰ্বাচিত যুৱতী সকলৰ মহিলা আই আই টিত প্ৰশিক্ষণ আৰম্ভ হব ।

Leave A Reply

Your email address will not be published.