ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো বিগত প্ৰায় দুমাহ ধৰি লকডাউন কেন্দ্ৰীক পৰিস্থিতি চলি আছে। কিন্তু এনে পৰিস্থিতি স্বত্বেও ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাই সচেতন লোকৰ লগতে চৰকাৰকো চিন্তিত কৰি তুলিছে। বিশেষকৈ ক্ষেত্ৰী, সোণাপুৰকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত সংঘটিত কেবাটাও দুৰ্ঘটনাত ভালে কেইজন লোক আঁহত – নিহত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পথ দুৰ্ঘটনা ৰোধ আৰু চালক- পৰিচালককে ধৰি পথ ব্যৱহাৰকাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পৰিবহন-যান বাহন খণ্ডৰ লগত জড়িত অংশীদাৰী সকলক সকলৰ উপস্থিতিত কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এখন এখন জৰুৰী সভা অনুষ্ঠিত হব। সমিতিৰ সদস্য- সচিব আৰু কামৰূপৰ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে অহা ২৫ জুনত দিনৰ ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ’বলগীয়া সভাখনত সভাপতিত্ব কৰিব উপায়ুক্ত তথা কমিটিৰ সভাপতি বিশ্বজিৎ পেগুয়ে। সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, লোক নিৰ্মাণ বিভাগ, আঞ্চলিক পৰিবহন প্ৰাধিকৰণ, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন (প্ৰৱৰ্তক) বিষয়া, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ দায়িত্ববাহী বিষয়া-প্ৰতিনিধিয়ে আদিয়ে ভাগ লব। সভাত ঘাইকৈ চালক-ৰাইজৰ মাজত সজাগতা সৃষ্টিৰে কিদৰে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব পাৰি তাৰ বিষয়ে মতামত গ্ৰহণ কৰা হ’ব।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী