অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে শনিবাৰে যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয় খন পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এখন সভাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সভাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, শৈক্ষিক দিশ আদিৰ বিষয়ে বুজ লয়। সভাত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰয়োজনীয় ধনৰাশি অহা জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনত অন্তৰ্ভুক্ত কৰাৰ আশ্বাস দিয়ে। অসম চৰকাৰে শীঘ্ৰে নিযুক্তি কৰিবলগীয়া ১ লাখ চাকৰিৰ মাজত মহিলা বিশ্ববিদ্যালয়ৰ খালী হৈ থকা অধ্যাপক-অধ্যাপিকাৰ পদসমূহ পুৰণৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোও অন্তৰ্ভুক্ত হ’ব বুলি কয়। লগতে বিশ্ববিদ্যালয়খনৰ ভূমিৰ সমস্যাটো অতি শীঘ্ৰেই সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অশোক ভট্টাচাৰ্য আৰু পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে বিশ্ববিদ্যালয়খনৰ সমস্যা আৰু কাম-কাজ সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। সভাত অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram