ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক প্ৰশিক্ষণ শিবিৰ।প্ৰথমখন ডি আৰ এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত বানপানী,ভূমিস্খলন,ভূমিকম্প,দুৰ্ঘটনা,ধুমুহাকে ধৰি যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ পাছত আক্রান্ত লোকক উদ্ধাৰ কৰা,আহতক প্ৰাথমিক চিকিৎসা প্ৰদান,আহত লোকক নিৰাপদে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা,উদ্ধাৰকাৰী বাহিনী সমূহক দুৰ্যোগ প্ৰৱন অঞ্চলত সহযোগিতা আগবঢ়োৱা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।এই সন্দৰ্ভত প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে জানিবলৈ দিয়া মতে কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি যোৱা আগষ্ট মাহৰ পৰা এন কে ওৱাই এছৰ স্বেচ্ছাসেৱকক দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে।এই পৰ্যন্ত ধুবুৰী জিলাৰ ৪৫০ জন স্বেচ্ছাসেৱকে প্ৰথম এন ডি আৰ এফএফ মুখ্য কাৰ্যালয় চৌহদত অনুষ্ঠিত ৯ টা শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।এই প্ৰশিক্ষণৰ মূল লক্ষ্য হৈছে যিকোনো দুৰ্যোগৰ পাছত স্বেচ্ছাসেৱকসকলে নিজ নিজ অঞ্চলত যাতে তৎকালে দুৰ্যোগত আক্রান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াব পাৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি