দেশৰ দীৰ্ঘতম জলপৰিবহন ব্যৱস্থাক সামৰিব এম ভি গঙ্গা বিলাসে

0 209

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবৰ উন্নয়নৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত যাতায়ত আৰু যোগাযোগ ব্যৱস্থা ক্ষীপ্ৰ উন্নয়নৰ বাবে জল পৰিবহনৰ ব্যৱস্থাৰ অভিলাসী প্ৰকল্প হাতত লৈছে। এই মন্তব্য কেন্দ্ৰীয় বন্দৰ,জল পৰিবহন তথা আয়ুষৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি মহানগৰীৰ তাজ ভিভান্টাত অনুষ্ঠিত কৰা এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ কয় যে অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘতম জল পৰ্যটন ব্যৱস্থা উদ্বোধন কৰিব। ডিব্ৰুগড়ৰ পৰা বাৰানসীলৈ চলাচল কৰিবলগা বিলাসী জাহাজখনে পৰ্যটনক অন্য মাত্ৰা প্ৰদান কৰিব। জানিব পৰা মতে চুইজাৰলেণ্ডৰ কেবাগৰাকী পৰ্যটকে পোনপ্ৰথমে এই নদী পৰ্যটনৰ সাক্ষী হ’ব। উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, বাংলাদেশ অতিক্ৰমী এই জাহাজখন অসমত উপস্থিত হ’ব।

অসমৰ ধুবুৰী, যোগীঘোপা কাজিৰঙা, নিমাতিৰ বিভিন্ন ঐতিহাসিক ঠাইত পৰ্যটক সকলে পদাপৰ্ণ কৰিব। ৫১ দিনত এই বিলাসী জাহাজখনে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব। প্ৰতিজন যাত্ৰীয়ে প্ৰতিদিনে ৩০০ ডলাৰ ভাৰা দিব লাগিব। আনহাতে পাণ্ডুত জাহাজ মেৰামতি কাৰখানা নিৰ্মাণ কৰা কথা জানিবলৈ তেখেতে কয় যে পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে গ্ৰণী পৰিবহন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.