স্বচ্ছতাই সেৱা ২০১৯ শাখাত ডিব্ৰুগড় জিলাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলা আৰু প্লাষ্টিক নিষ্কাশন বঁটা ২০২০ লাভ কৰিবলৈ সক্ষম হৈছে।কালি নতুন দিল্লীৰ এৰ’চিটীৰ প্ৰাইড প্লাজাত কেন্দ্রীয় জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় বিভাগৰ দ্বাৰা এক অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক বঁটা প্ৰদান কৰে বলিউডৰ জনপ্রিয় অভিনেতা আমীৰ খানে।সমগ্র দেশতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্রহ আৰু সঠিক পদ্ধতিৰে নিষ্কাশনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জন আন্দোলনৰ সময়চোৱাত ডিব্ৰুগড় জিলাই বিশেষ পদক্ষেপ গ্রহণ কৰিছিল।ডিব্ৰুগড় জিলা খোৱা পানী আৰু অনাময় সমিতি,ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জনস্বাস্থ্য বিভাগে দল সংগঠন,জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ ৰাস্তা ঘাটে পৰি থকা প্লাষ্টিক জাতীয় আৱৰ্জনা সংগ্রহ কৰিছিল।এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সংগ্রহ আৰু সেইসমূহ সঠিক পদ্ধতিৰে নিষ্কাশন কৰাৰ ক্ষেত্রত উদ্ভাৱনমূলক আৰু ফলপ্রসূ প্ৰচেষ্টা হাতত লোৱাৰ বাবে ডিব্ৰুগড় জিলাই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ