দোমৰদলং চাহ বাগিছাত শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন

0 259

চৰাইদেউ জিলাৰ দোমৰদলং চাহ বাগিচাত সোণাৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সোণাৰি প্ৰকল্পৰ মুখ্যসেৱিকা অণিমা বৰগোহাঞিয়ে আঁত ধৰা সভাত চৰাইদেউ জিলাৰ শিশু সুৰক্ষা কোষৰ সুৰক্ষা বিষয়া ডঃ প্ৰীতিমনি গগৈ ফুকনে নিজৰ বক্ত্যবত কয় যে অভিভাৱক সকলে নিজৰ সন্তানৰ প্ৰতি নজৰ ৰাখিব লাগে আৰু কোনোবাই শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰা দেখিলে চাইল্ড লাইন নম্বৰ ১০৯৮ লৈ ফোন কৰি ততালিকে অৱগত কৰিব লাগে।

সভাত প্ৰকল্প বিষয়া প্ৰিয়ঙ্কা টাইডেও বক্তব্য ৰাখে। নিজৰ ভাষণত বিষয়া গৰাকীয়ে কয় যে, অভিভাৱকসকলে নিজৰ লৰা-ছোৱালীক ১৮ বছৰ নোহোৱালৈকে শ্ৰমিক হিচাবে কাম কৰিবলৈ দিব নালাগে। তেনে শিশুক কাম কৰিবলৈ দিয়াটো এক অপৰাধ।সভাত সোণাৰি প্ৰকল্পৰ প্ৰসেনজিত সেন শৰ্মা আৰু গীতাঞ্জলি গগৈয়েও বক্তব্য প্ৰদান কৰে। সভাত সোণাৰি প্ৰকল্পৰ সকলো বিষয়া- কৰ্মচাৰী, অংগনবাড়ী কৰ্মী- সহায়িকা আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.