অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে এসময়ত ৰাজ্যত গৌৰৱ স্বৰূপ থলুৱা জাতৰ ধান সমূহক বিজ্ঞান সন্মতভাৱে সংৰক্ষণত গুৰুত্ব আৰোপ কৰি অনাগত দিনত তাক দেশ বিদেশত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিছে । সেই নিৰ্দেশনাৰ আধাৰত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বিশেষ তৎপৰতাত কৃষি বিভাগে থলুৱা জাতৰ জহা ধানৰ বিজ্ঞানসন্মত সংৰক্ষণ , উৎপাদনৰ লগতে কৃষক ৰাইজক এইক্ষেত্ৰত জড়িত কৰাৰ কাম আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশহিচাপে আজি পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ কৃষি চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত ৰাণী উন্নয়ন খণ্ডৰ চি এছ এছ আত্মা আঁচনিৰ জৰিয়তে যোগান ধৰা ৰঞ্জিত চাব ১ , স্বৰ্ণ চাব ১ আৰু থলুৱা জাতৰ জহা ধানৰ উৎপাদনৰ কাম পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ জানৰপাৰৰ পথাৰত প্ৰদৰ্শনমূলক কাৰ্য আৰম্ভ কৰা হয় । অঞ্চলটোৰ অৰ্দ্ধ শতাধিক কৃষকৰ প্ৰায় ২৫০ বিঘাৰো অধিক মাটিত এই জহা ধানৰ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে । আজি প্ৰায় ১০ বিঘা মাটিক সামৰি লোৱা এই প্ৰদৰ্শন কাৰ্যসূচীত ধাৰাপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰদীপ মেধীয়ে ভাগ লৈ বৈজ্ঞানিক পদ্ধতিৰে জহা ধানৰ খেতি কৰি দেশ বিদেশত ৰপ্তানী কৰি কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বাখ্যা দাঙি ধৰে । কাৰ্যসূচীত ধাৰাপুৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰদীপ দাস, কৃষি বিভাগৰ গ্ৰামসেৱকদ্বয় কামেশ্বৰ বৈশ্য আৰু মণ্টু বৈশ্য , ধাৰাপুৰ পথাৰ পৰিচালনা কমিটিৰ সম্পাদক ৰতন কলিতা , অঞ্চলটোৰ উদীয়মান কৃষক ক্ৰমে অতুল কলিতা , বিপুল কাকতি , খগেন কলিতা , শ্যামল কলিতা , প্ৰমোদ কলিতা , নয়ন কলিতাকে ধৰি কেবাজনো নবীন – প্ৰবীন কৃষক উপস্থিত থাকে । আনহাতে একে সময়তে কুৰি গৰাকীৰো অধিক ৰোৱনীয়ে শালি ধানৰ কঠিয়া তথা ভূঁই ৰোপন কৰাৰ লগতে কৃষক সকলে এইক্ষেত্ৰত সহযোগ কৰে।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে