অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে এসময়ত ৰাজ্যত গৌৰৱ স্বৰূপ থলুৱা জাতৰ ধান সমূহক বিজ্ঞান সন্মতভাৱে সংৰক্ষণত গুৰুত্ব আৰোপ কৰি অনাগত দিনত তাক দেশ বিদেশত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিছে । সেই নিৰ্দেশনাৰ আধাৰত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বিশেষ তৎপৰতাত কৃষি বিভাগে থলুৱা জাতৰ জহা ধানৰ বিজ্ঞানসন্মত সংৰক্ষণ , উৎপাদনৰ লগতে কৃষক ৰাইজক এইক্ষেত্ৰত জড়িত কৰাৰ কাম আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশহিচাপে আজি পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ কৃষি চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত ৰাণী উন্নয়ন খণ্ডৰ চি এছ এছ আত্মা আঁচনিৰ জৰিয়তে যোগান ধৰা ৰঞ্জিত চাব ১ , স্বৰ্ণ চাব ১ আৰু থলুৱা জাতৰ জহা ধানৰ উৎপাদনৰ কাম পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ জানৰপাৰৰ পথাৰত প্ৰদৰ্শনমূলক কাৰ্য আৰম্ভ কৰা হয় । অঞ্চলটোৰ অৰ্দ্ধ শতাধিক কৃষকৰ প্ৰায় ২৫০ বিঘাৰো অধিক মাটিত এই জহা ধানৰ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে । আজি প্ৰায় ১০ বিঘা মাটিক সামৰি লোৱা এই প্ৰদৰ্শন কাৰ্যসূচীত ধাৰাপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰদীপ মেধীয়ে ভাগ লৈ বৈজ্ঞানিক পদ্ধতিৰে জহা ধানৰ খেতি কৰি দেশ বিদেশত ৰপ্তানী কৰি কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বাখ্যা দাঙি ধৰে । কাৰ্যসূচীত ধাৰাপুৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰদীপ দাস, কৃষি বিভাগৰ গ্ৰামসেৱকদ্বয় কামেশ্বৰ বৈশ্য আৰু মণ্টু বৈশ্য , ধাৰাপুৰ পথাৰ পৰিচালনা কমিটিৰ সম্পাদক ৰতন কলিতা , অঞ্চলটোৰ উদীয়মান কৃষক ক্ৰমে অতুল কলিতা , বিপুল কাকতি , খগেন কলিতা , শ্যামল কলিতা , প্ৰমোদ কলিতা , নয়ন কলিতাকে ধৰি কেবাজনো নবীন – প্ৰবীন কৃষক উপস্থিত থাকে । আনহাতে একে সময়তে কুৰি গৰাকীৰো অধিক ৰোৱনীয়ে শালি ধানৰ কঠিয়া তথা ভূঁই ৰোপন কৰাৰ লগতে কৃষক সকলে এইক্ষেত্ৰত সহযোগ কৰে।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ