আচাম বুক অৱ ৰেকৰ্ডত বাক্সাৰ উপাসনা ঠাকুৰীয়াৰ

0 263

সৃষ্টিশীল মনে সদায় নতুন নতুন সৃষ্টিৰ বাবে উন্মেষ যোগায়। তেনে এক সৃষ্টিশীল কলাৰ লগত জড়িত হৈ বৰ্তমান চৰ্চিত হৈ পৰিছে পাঠশালা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী উপাসনা ঠাকুৰীয়া। বাক্সা জিলাৰ বৰমা পূৱ চ’কৰ উপাসনা ঠাকুৰীয়াই মহাভাৰতৰ প্ৰথম শ্লোকৰ তিলেৰে অংকন কৰি “অসম বুক অৱ ৰেকৰ্ডচ”ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে ২০১৯ চনৰ পৰাই উপাসনাই পেলনীয়া বটলত বিভিন্ন ছবি অংকন কৰি আহিছে ।এই সম্পৰ্কে সাংবাদিকৰ সৈতে হোৱা এক কথোকথনত উপাসনাৰ পিতৃয়ে কয় যে কোনো ক্ষেত্ৰতে উপাসনাক বাধা দিয়া নাই ৷ মনৰ ইচ্ছা অনুসৰি প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত উপাসনাক এটা পৰিবেশ দিয়া হৈছে বুলি তেখেতে উল্লেখ কৰে।ছাত্ৰী গৰাকী এই সাফল্যত পিতৃ মাতৃ লগতে সমগ্র অঞ্চলবাসী আনন্দিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.