অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে এসময়ত ৰাজ্যত গৌৰৱ স্বৰূপ থলুৱা জাতৰ ধান সমূহক বিজ্ঞান সন্মতভাৱে সংৰক্ষণত গুৰুত্ব আৰোপ কৰি অনাগত দিনত তাক দেশ বিদেশত ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিছে । সেই নিৰ্দেশনাৰ আধাৰত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বিশেষ তৎপৰতাত কৃষি বিভাগে থলুৱা জাতৰ জহা ধানৰ বিজ্ঞানসন্মত সংৰক্ষণ , উৎপাদনৰ লগতে কৃষক ৰাইজক এইক্ষেত্ৰত জড়িত কৰাৰ কাম আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশহিচাপে আজি পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ কৃষি চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত ৰাণী উন্নয়ন খণ্ডৰ চি এছ এছ আত্মা আঁচনিৰ জৰিয়তে যোগান ধৰা ৰঞ্জিত চাব ১ , স্বৰ্ণ চাব ১ আৰু থলুৱা জাতৰ জহা ধানৰ উৎপাদনৰ কাম পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ জানৰপাৰৰ পথাৰত প্ৰদৰ্শনমূলক কাৰ্য আৰম্ভ কৰা হয় । অঞ্চলটোৰ অৰ্দ্ধ শতাধিক কৃষকৰ প্ৰায় ২৫০ বিঘাৰো অধিক মাটিত এই জহা ধানৰ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে । আজি প্ৰায় ১০ বিঘা মাটিক সামৰি লোৱা এই প্ৰদৰ্শন কাৰ্যসূচীত ধাৰাপুৰ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া প্ৰদীপ মেধীয়ে ভাগ লৈ বৈজ্ঞানিক পদ্ধতিৰে জহা ধানৰ খেতি কৰি দেশ বিদেশত ৰপ্তানী কৰি কিদৰে আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰি তাৰ বাখ্যা দাঙি ধৰে । কাৰ্যসূচীত ধাৰাপুৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰদীপ দাস, কৃষি বিভাগৰ গ্ৰামসেৱকদ্বয় কামেশ্বৰ বৈশ্য আৰু মণ্টু বৈশ্য , ধাৰাপুৰ পথাৰ পৰিচালনা কমিটিৰ সম্পাদক ৰতন কলিতা , অঞ্চলটোৰ উদীয়মান কৃষক ক্ৰমে অতুল কলিতা , বিপুল কাকতি , খগেন কলিতা , শ্যামল কলিতা , প্ৰমোদ কলিতা , নয়ন কলিতাকে ধৰি কেবাজনো নবীন – প্ৰবীন কৃষক উপস্থিত থাকে । আনহাতে একে সময়তে কুৰি গৰাকীৰো অধিক ৰোৱনীয়ে শালি ধানৰ কঠিয়া তথা ভূঁই ৰোপন কৰাৰ লগতে কৃষক সকলে এইক্ষেত্ৰত সহযোগ কৰে।
Trending
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ
- এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাৰ অচল অৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা
- Teachers’ Day Celebration in Chirang District Highlights Educational Advancements and Achievements
- ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ প্ৰতষ্ঠা দিৱস উদযাপন
- এইচডিএফচি বেংকে গ্ৰাহক অভিজ্ঞতা উন্নত কৰিবলৈ নতুন বৈশিষ্ট্যৰে ইউপি আই আৰু চি বি ডি চি উন্মোচন কৰে
- 31st Annual General Meeting of Numaligarh Refinery Limited held