মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা প্ৰতিনিধি দলে। গুৱাহাটী প্ৰেছ ক্লাব আৰু সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক এখন ৫ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিনিধি দলটোৱে। মূলত: গুৱাহাটী প্ৰেছ ক্লাবৰ বাবে মহানগৰৰ মাজমজিয়াত স্থায়ী তথা আধুনিক কমপ্লেক্স স্থাপনৰ বাবে ভূমি আবণ্টন দিবলৈ মুখ্যমন্ত্ৰীগৰাকীক প্ৰেছ ক্লাবে দাবী জনায়। ইয়াৰোপৰি জৰুৰী চিকিৎসা, দুর্ঘটনা, অকাল মৃত্যু অথবা অন্যান্য সংকটকালীন পৰিস্থিতিত সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে সাংবাদিক কল্যাণ কর্পাছ পুঁজিৰ বাবে এককালীন চৰকাৰী অনুদান, কর্তব্যৰত অৱস্থাত সাংবাদিকসকলৰ সুৰক্ষা তথা নিৰাপদ কর্ম পৰিৱেশ নিশ্চিতকৰণত গুৰুত্ব দি প্রয়োজনীয় আইন প্ৰণয়ন, সংবাদ মাধ্যমৰ বাবে স্বচ্ছ আৰু সময়োপযোগী চৰকাৰী বিজ্ঞাপন নীতি আৰু ডিজিটেল সংবাদ মাধ্যমৰ স্বীকৃতিৰ বাবে নীতি প্ৰণয়নৰ দাবী জনায় প্ৰতিনিধি দলটোৱে। সাক্ষাৎকালত গুৱাহাটী প্ৰেছ ক্লাবে জনোৱা দাবীসমূহৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিবাচক সঁহাৰি জনোৱাৰ লগতে আগন্তুক সময়ত সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক শ্বাহ আলম, সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰ আৰু ক্ৰীড়া সম্পাদক দীপাংকৰ দাস উপস্থিত থাকে। প্ৰতিনিধি দলটোৱে উত্থাপন কৰা বিষয়সমূহত সহযোগিতাৰ আশ্বাস প্ৰদান কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- মুখ্যমন্ত্ৰীক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ