বানাক্ৰান্তৰ কাষত অগপৰ সাহায্য অভিযান

0 43

উজনি অসমৰ বানপীড়িত ৰাইজক সহায়ৰ উদ্দেশ্যে অসম গণ পৰিষদে আগবঢ়োৱা সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বাহন আজি আৰ্তজনৰ কাষলৈ ৰাওনা হৈছে৷ অগপৰ সভাপতি অতুল বৰাৰ আহ্বান অনুসৰি দলৰ সাংসদদ্বয় ফণীভুষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অগপৰ উপ সভাপতি অপুৰ্ব কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক সুনীল ভেকা, বিধায়ক পৃথ্বীৰাজ ৰাভা, দীপক দাস আৰু ধৰ্মেশ্বৰ ৰায়, প্ৰচাৰ সম্পাদক অংশুমান দত্তৰ লগতে অগপৰ জ্যেষ্ঠ বিষয়ববীয়া, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু অগপৰ কৰ্মকৰ্তাসকলে এই সাহায্য বিতৰণ কৰিব৷

Leave A Reply

Your email address will not be published.