নগালেণ্ডত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নেফিউ ৰিঅ’ই

0 170

পঞ্চমবাৰৰ বাবে নগালেণ্ডত মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে নেফিউ ৰিঅ’ই।ক’হিমাৰ কেপিটেল কালচাৰেল হলৰ শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে ৯ গৰাকীয়ে মন্ত্ৰী হিচাপে শপত লয়।নগালেণ্ড মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে দুগৰাকীয়ে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।ৱাই পেটন আৰু টি আৰ জেলিয়াঙে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

আনহাতে, নাগালেণ্ডত প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰিছে এগৰাকী মহিলাই। নাগালেণ্ডৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে ছালহৌটৌনৌ ক্ৰুজে শপত লয়।এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.