নাজিৰাত স্বেচ্ছাসেৱী সংস্থা আশ্ৰয়ে সাংবাদিকৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে

0 271

দেশত লক ডাউন চলি থকা সময়ত সংবাদকৰ্মী সকলেও ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে ৷ এই সময়ত সংবাদকৰ্মী সকলে জনসাধাৰণক সজাগ, সচেতন কৰাৰ লগতে প্ৰতিটো ঘটনাই চৰকাৰক দৃষ্টিগোচৰ কৰি আহিছে৷
 
 
তথাপি ক’ৰণাৰ যুঁজত অন্যান্য চৰকাৰী কৰ্মচাৰীসকল চৰকাৰীভাৱে যিমান লাভৱান হৈছে সংবাদকৰ্মী সকল প্ৰায় ক্ষেত্ৰত অৱহেলিত হ’বলগীয়া হৈছে ৷ সহায় সহযোগ নোপোৱা সংবাদকৰ্মী সকলক নাজিৰাৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা আশ্ৰয়ৰ মুখ্য তত্বাৱধায়ক তথা যুৱ নেতা ময়ুৰ বৰগোঁহাইৰ তত্ত্বাৱধানত সম্বৰ্ধনা জনোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে৷
 
আশ্ৰয়ৰ এই কাৰ্য্যসূচীত নাজিৰাৰ সংবাদকৰ্মী সকলক নাজিৰা মহকুমাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ো উপস্থিত থাকি সাংবাদিকসকলক কিছু সাহাৰ্য্য প্ৰদান কৰি উৎসাহিত কৰে ৷
খবৰ যুগুতালে নাজিৰাৰ পৰা দিলিপ শইকীয়াই..
 
 

Leave A Reply

Your email address will not be published.