নাৰী দিৱসৰ প্ৰাক ক্ষণত জনিত্ৰীয়ে এন ফ`কাচৰ সম্পাদক সহ ৬গৰাকীলৈ আগবঢ়ালে বিশেষ বটাঁ

0 426

মহিলা সৱলীকৰণ ,স্বাস্থ্য আৰু শিশু শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি গঢ়ি উঠা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ’ জনিত্ৰী ইণ্ডিয়াৰ তৎপৰতাত আগন্তুক নাৰী দিৱস উপলক্ষে অনলাইন যোগে  বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয় ৷মুখ্য কাৰ্যবাহী ৰুমী বৰাই আঁত ধৰা উক্ত অনুষ্ঠানটো উদ্বোধন কৰে অসম আৰক্ষী বিভাগৰ আই জি পি  ভায়োলেট বৰুৱাই ৷
এই অনুষ্ঠানত উপস্থিত থাকে অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ অগ্ৰণী মহিলাসকল ।অনুষ্ঠানৰ লগত সংগতি ৰাখি এক আলোচনাচক্ৰ অনুষ্ঠিত হয়।এই আলোচনা চক্ৰখনত অনুশ্ৰী ভট্টাচাৰ্য,ড°শাউলী মূখাৰ্জী, শ্বাহৱাৰ শ্বহৰত,আত্ৰেয়ী বৰুৱা,ড°ভাশ্বৰ্ভী আচাৰ্যই মতামত প্ৰকাশ কৰে৷ইয়াৰ পিছতেই অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ।এই অনুষ্ঠানত সুনিতী ভট্টাচাৰ্যই গীত, অমৃতা বসাকে পিয়ানো বাদন ,শালিনী বিজ,চুমী বৰদলৈ ভৰালী,ঊষাৰাণী দেৱী আৰু ৰূমা বেজবৰুৱাই স্ব-ৰচিত কবিতা পাঠ কৰে । আনহাতে কৌস্তভ সেনাপতিয়ে  কবিতা আবৃতি আৰু দৃশানাই এটি আধুনিক হিন্দী গীতত নৃত্য পৰিৱেশন কৰে ৷

এই অনুষ্ঠানতে -কন্যা  বঁটা ৰঞ্জনা কান্তি,জ্ঞানশ্ৰী শিক্ষা বঁটা -দিপিকা সভাপণ্ডিতক গৃহশ্ৰী বঁটা  ৰঞ্জু হাজৰিকা, দ্য অৰিজিনেল ক্ৰিয়েটিভিটি এণ্ড ইন’ভেশ্যন বঁটা ৰেখা পাণ্ডেলৈ আৰু দ্য ক্ৰিয়েটৰ মিডিয়া বঁটা এন ই ফ`কাচৰ সম্পাদক সংগীতা শইকীয়ালৈ আগবঢ়োৱা হয় ৷জনিত্ৰী  বঁটা লাভ কৰি সংগীতা শইকীয়াই কয় যে,  জনিত্ৰী পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈ মই বহুত সুখী  অনুভৱ কৰিছো ৷ এই ক্ষেত্ৰত সংস্থাৰ উদ্যোক্তা ৰুমী বৰাকে  ধৰি সকলো সমূহ পৰিয়াল আৰু সদস্যা সকললৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো আৰু জনিত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিলো ৷এই অনুষ্ঠানত ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ ১০০ মহিলাই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.