সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্তই মহান শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি হৰিনাম প্ৰদৰ্শন, অসমীয়া-নেপালী-চাহ জনগোষ্ঠীকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত, শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা ইত্যাদি কাৰ্যসূচী অনুষ্ঠিত কৰে । অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে ।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index