নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন

0 157

সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দত্তই মহান শিক্ষাগুৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি হৰিনাম প্ৰদৰ্শন, অসমীয়া-নেপালী-চাহ জনগোষ্ঠীকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত, শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা ইত্যাদি কাৰ্যসূচী অনুষ্ঠিত কৰে । অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.