ন্যায়ালয়ত যুঁজৰ বাবে অখিল গগৈলৈ আৰ্থিক অনুদান আগবঢ়ালে শিল্পী মানস ৰবীনে

0 184

কা ৰ পৰা  কেব আন্দোলনৰ লৈকে অসমৰ জনগণৰ বাবে জাগ্ৰত আছিল এজন বিশেষ ব্যক্তি।  লকডাউনৰ সময়ত বহি:ৰাজ্যত বন্দী হৈ থকা এদল যুৱকক অসমলৈ অনা বাবে এই বিশেষ ব্যক্তিজনে আগভাগ লৈছিল।এই বিশেষ ব্যক্তিজন হ’ল শিল্পী মানস ৰবীন।
 
 
তেখেতে ক’ৰণাৰ সৈতে যুঁজিবলৈ অসম আৰোগ্য নিধিলৈ এক লাখ টকা বৰঙণি আগবঢ়াইছে।শেহতীয়াকৈ কাৰাগাৰত বন্দী হৈ থকা অখিল গগৈ ন্যায়ালয়লৈ যুঁজ দিবলৈ শিল্পী গৰাকীয়ে দুই লাখ টকা আগবঢ়াইছে । তেখেতে ফেচবুক যোগে এই কথা এনেদৰে ব্যক্ত কৰিছে  অখিল গগৈ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মই মোৰ ফালৰ পৰা দুই লাখ টকা আগবঢ়ালো।ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহ জনক মোকোলাই অনাৰ দায়িত্ব ৰাইজেও ল’ব লাগিব।ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক। অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক। কথাতে কয় নহয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। কৃষক মুক্তিৰ ৰাজহুৱা আহ্বানলৈ সঁহাৰি জনাওক আৰু যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াওক।স্মতৰ্ব্য যে অখিল গগৈয়ে দীৰ্ঘদিন ধৰি কাৰাগাৰত আছে ।

Leave A Reply

Your email address will not be published.