আৰু মাত্ৰ কেইঘণ্টাৰমানৰ পিছতেই এটা নতুন বছৰত ভৰি দিম।এই নতুন বছৰটোৰ পৰা দেশৰ বাবে আৰম্ভ হ’ব কেইটামান নতুন নিয়ম ।যাৰ বাবে কিছু সংখ্যকে সুবিধাৰ আৰু আন কিছু সংখ্যকে অসুবিধাৰ সন্মুখীন হ’ব পাৰে।আহকচোন জানো দেশত প্ৰযোজ্য হ’ব লগা নতুন নিয়ম সমূহ কি কি-নতুন বৰ্ষটোত প্ৰযোজ্য হ’ব লগা গুৰুত্বপূৰ্ণ নীতি নিয়ম সমূূূহৰ অন্যতম হ’ল এনেধৰণৰ-ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ হেলমেট বাদ দিব লাাগিব । কিয়নো দুুুুৰ্ঘটনাক প্ৰতিৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।১৫জানুৱাৰীৰ পৰা যিবোৰ হেলমেট প্ৰস্তুত হ’ব, সেই বোৰ হেলমেটত আই এছ অৰ চিহ্ন থাকিব আৰু হেলমেটটোৰ ওজন হ’ব ১.২ কেজি।দ্বিতীয়তে, অফাৰত অনলাইন শ্বপিং কৰি ভালপোৱা সকলে ২৬জানুৱাৰীৰ পৰা অনলাইনত বিশেষ ৰেহাই মূল্যত সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব।বিশেষকৈ এমাজন, ফ্লিপকাৰ্ট আদিত ৰেহাই মুল্যত সা সামগ্ৰী ক্ৰয় কৰিবলৈ নাপাব।তৃতীয়তে, নতুন বছৰটোৰ পৰা বিমান বন্দৰত শুনিবলৈ পাব স্থানীয় ভাষাত কৰা ঘোষণা।ইয়াৰ সমান্তৰাল ভাৱে হিন্দী আৰু ইংৰাজী ভাষাত ঘোষণা, বিমানৰ সময়সূচী জানিব পাৰিব।উদাহৰণ স্বৰূপে অসমৰ কোনো বিমান বন্দৰত আপুনি প্ৰথমে অসমীয়াত ঘোষণা শুনিবলৈ পাব।তাৰ পিছতেহে হিন্দী,ইংৰাজী ভাষাত শুনিবলৈ পাব।এই ঘোষণা ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ ।চতুৰ্থতে, নতুন বছৰৰ পৰা আৰম্ভ হ’ব বৈদ্যুতিক মিটাৰৰ সলনি প্ৰি পেড মিটাৰৰ ব্যৱস্থা ।ইয়াৰ জৰিয়তে গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি সুবিধা মতে বিল পৰিশোধ কৰিব পাৰিব।পঞ্চমতে,এচ বি আইত যিসকল ব্যক্তিৰ বহু পুৰণি একাউণ্ট আছে, সেইসকলে কে ৱাই চি আপডেট আজিয়েই কৰক।এয়া আছিল আজি তাৰিখলৈ কাৰ্য্যকৰী হোৱা কিছু নিৰ্দেশনা ।পৰৱৰ্তী সময়ত নিৰ্দেশনা সমূহ কাৰ্য্যকৰী কৰাত কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া সময়তেহে জানিব পৰা যাব।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai