নৱবৰ্ষত ৫টা নতুন নিয়ম প্ৰযোজ্য হ’ব

0 336

আৰু মাত্ৰ কেইঘণ্টাৰমানৰ পিছতেই এটা নতুন বছৰত ভৰি দিম।এই নতুন বছৰটোৰ পৰা দেশৰ বাবে আৰম্ভ হ’ব কেইটামান নতুন নিয়ম ।যাৰ বাবে কিছু সংখ্যকে সুবিধাৰ আৰু আন কিছু সংখ্যকে অসুবিধাৰ সন্মুখীন হ’ব পাৰে।আহকচোন জানো দেশত প্ৰযোজ্য হ’ব লগা নতুন নিয়ম সমূহ কি কি-নতুন বৰ্ষটোত প্ৰযোজ্য হ’ব লগা গুৰুত্বপূৰ্ণ নীতি নিয়ম সমূূূহৰ অন্যতম হ’ল এনেধৰণৰ-ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ হেলমেট বাদ দিব লাাগিব । কিয়নো   দুুুুৰ্ঘটনাক প্ৰতিৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।১৫জানুৱাৰীৰ পৰা যিবোৰ হেলমেট প্ৰস্তুত হ’ব, সেই বোৰ হেলমেটত আই এছ অৰ চিহ্ন থাকিব আৰু হেলমেটটোৰ ওজন হ’ব ১.২ কেজি।দ্বিতীয়তে, অফাৰত অনলাইন শ্বপিং কৰি ভালপোৱা সকলে ২৬জানুৱাৰীৰ পৰা অনলাইনত বিশেষ ৰেহাই মূল্যত সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিব।বিশেষকৈ এমাজন, ফ্লিপকাৰ্ট আদিত ৰেহাই মুল্যত সা সামগ্ৰী ক্ৰয় কৰিবলৈ নাপাব।তৃতীয়তে, নতুন বছৰটোৰ পৰা বিমান বন্দৰত শুনিবলৈ পাব স্থানীয় ভাষাত কৰা ঘোষণা।ইয়াৰ সমান্তৰাল ভাৱে হিন্দী আৰু ইংৰাজী ভাষাত ঘোষণা, বিমানৰ সময়সূচী জানিব পাৰিব।উদাহৰণ স্বৰূপে অসমৰ কোনো বিমান বন্দৰত আপুনি প্ৰথমে অসমীয়াত ঘোষণা শুনিবলৈ পাব।তাৰ পিছতেহে হিন্দী,ইংৰাজী ভাষাত শুনিবলৈ পাব।এই ঘোষণা ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ ।চতুৰ্থতে, নতুন বছৰৰ পৰা আৰম্ভ হ’ব বৈদ্যুতিক মিটাৰৰ সলনি প্ৰি পেড মিটাৰৰ ব্যৱস্থা ।ইয়াৰ জৰিয়তে গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি সুবিধা মতে বিল পৰিশোধ কৰিব পাৰিব।পঞ্চমতে,এচ বি আইত যিসকল ব্যক্তিৰ বহু পুৰণি একাউণ্ট আছে, সেইসকলে কে ৱাই চি আপডেট আজিয়েই কৰক।এয়া আছিল আজি তাৰিখলৈ কাৰ্য্যকৰী হোৱা কিছু নিৰ্দেশনা ।পৰৱৰ্তী সময়ত নিৰ্দেশনা সমূহ কাৰ্য্যকৰী কৰাত কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া সময়তেহে জানিব পৰা যাব।

Leave A Reply

Your email address will not be published.