পথ কৰৰ সম্পৰ্কত জৰুৰী খবৰ

0 289

ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পঞ্জীয়নভুক্ত ব্যৱসায়ীক আৰু ব্যক্তিগত শ্ৰেণীৰ যান বাহনৰ গৰাকী সকলক ৩১ মাৰ্চৰ পূৰ্বে পথ কৰ আদায় দিবলৈ জনাইছে।এই সম্পৰ্কত জিলা পৰিবহন বিষয়া অৰুণ বৰাই জনোৱা মতে যান বাহনৰ পথ কৰ অনুজ্ঞা পত্ৰৰ যিসকল গৰাকীয়ে নৱীকৰণৰ লগতে যাৱতীয় কৰ আদায় দিয়া নাই তেওঁলোকৰ উপৰিও পঞ্জীয়ন পত্ৰ নবীকৰণ নকৰা গৰাকী সকলকো নবীকৰণ কৰি তেওঁলোকক যাবতীয় কৰ আদায় দিবলৈ আহ্বান জনাইছে ।যান বাহনৰ গৰাকী সকলে ৩১মাৰ্চ পৰ্য্যন্ত কাৰ্য্যালয়ত নিৰ্ধাৰিত সময়ত কাউণ্টাৰত কৰ জমা দিব লাগিব ।উল্লেখযোগ্য যে ২০১৮ বৰ্ষত সৰ্বাধিক কামৰূপ জিলাই ১৭৮, ৪৪, ৯২ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

Leave A Reply

Your email address will not be published.