পথ দুৰ্ঘটনাত নিহত লোকৰ পৰিয়ালক ফৰ্ম- ৫৪ বিতৰণ চাৰিদুৱাৰ আৰক্ষীৰ

0 258

শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ তৰফৰপৰা থানা এলেকাত পথ দু্ৰ্ঘটনাত নিহত দুজনকৈ লোকৰ পৰিয়ালৰ হাতত আনুষ্ঠানিকভাৱে চেন্ট্ৰেল মটৰ ভেহিকেল ৰুলছ, ১৯৮৯ ৰ অধীনত ফৰ্ম- ৫৪ বিতৰণ কৰা হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমুদ্দিন আহমেদ আৰু যান-বাহন আৰক্ষীৰ পৰিদৰ্শক মহিবুল আলিয়ে কেইদিনমান পূৰ্বে থানাৰ এলেকাধীন অঞ্চলত পথ দু্ৰ্ঘটনাত নিহত ক্ৰমে লোক্ৰাৰ ভীম বাহাদুৰ থাপাৰ পৰিয়ালবৰ্গ আৰু চাৰিদুৱাৰ উলুবাৰী বাসিন্দা নিহত হিৰকজ্যোতি দাসৰ পৰিয়ালক উক্ত প্ৰ-পত্ৰ বিতৰণ কৰি মহানু্ভৱতাৰ পৰিচয় দাঙি ধৰে।
বাতৰি যুগুতালে বালিপাৰাৰ পৰা প্ৰাঞ্জল প্ৰতীম বৰাই।

Leave A Reply

Your email address will not be published.