মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজপথত প্ৰতিগৰাকী যাত্ৰীকে সুৰক্ষিত যাতায়ত ব্যৱস্থা প্ৰদানৰ বাবে পৰিবহণ বিভাগক দিয়া নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা দায়িত্ববাহী পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ নেতৃত্বত, জিলা এনফৰ্চমেন্ট পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ উপস্থিতিত, শেহতীয়াকৈ নিযুক্ত পাঁচগৰাকী পৰিবহণ বিষয়াৰ উপৰি বৃহৎসংখ্যক এনফৰ্চমেন্ট বিষয়া, যান-বাহন পৰিদৰ্শক, আৰক্ষীৰ সহযোগত আজি মহানগৰীৰ এবিচিৰ জিএছ ৰোড অঞ্চলত এক ব্যাপক জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে আগন্তুক দিনবিলাকত ৰাজ্যৰ ৰাজপথত সৰ্বস্তৰৰ ৰাইজৰ সহযোগত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ বাবে পথ-সুৰক্ষা তথা যান-বাহন চালনাৰ নীতিনিয়ম সমূহৰ ক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন কৰাৰ উপৰি যানবাহন আইন ভঙ্গকাৰীক কঠোৰ সকীয়নি প্ৰদানৰ লক্ষ্যৰে এই ব্যাপক জনসচেতনতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইফালে ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ হ’লে যান-বাহনৰ যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰখাৰ লগতে সময়মতে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এয়া সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য ৷ সেয়ে আজিৰ জনসচেতনতা কাৰ্যসূচীত পথ-সুৰক্ষাৰ বিভিন্ন দিশ দাঙি ধৰাৰ লগতে গুৱাহাটী মহানগৰীত ব্যক্তিগত, ব্যৱসায়ীক আৰু বিভিন্ন উদ্যোগখণ্ডই ১৮০ কোটিতকৈয়ো অধিক টকাৰ যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰিবলৈ থকাৰ তথ্য সদৰি কৰি এই সকলো শ্ৰেণীৰ যানবাহনৰ গৰাকীক অহা ৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি বাহনসমূহ বৈধ কৰি ৰাখিবলৈ সকিয়াই দিয়া হয় ৷ অন্যথা যানবাহন আইন ভঙ্গকাৰী মালিক-কতৃপক্ষৰ বিৰুদ্ধে শীঘ্ৰে “কুৰুক্ষেত্ৰ” নামাকৰনেৰে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে অভিযান আৰম্ভ কৰাৰ হুংকাৰ দিয়ে সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে। যানবাহন ক্ৰয় কৰিও সময়মতে কৰ-কাটল পৰিশোধ আৰু নথিপত্ৰ নৱীকৰণ নকৰাকৈ ৰাজপথত অন্যায়ভাৱে চলাচল কৰি থকা বাহন আৰু প্ৰতিমুহূৰ্ততে ৰাজপথৰ যাত্ৰী, যানবাহনৰ গৰাকীক ন্যায় প্ৰদানৰ বাবে প্ৰস্তুত হৈ থকা পৰিবহণ বিভাগৰ মাজত অভিযান কুৰুক্ষেত্ৰত ন্যায়-অন্যায়ৰ যুজ হ’ব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সকীয়াই দিয়ে ৷ নৱনিযুক্ত পৰিবহণ বিষয়া লীয়েন হাজৰিকা, অপূৰ্ব তালুকদাৰ, হীৰকজ্যোতি ডেকা, পূৰৱী কলিতা আৰু ৰূপমিলি টেৰাংপিৰ উপস্থিতিত অনুষ্ঠিত জনসচেতনতা অনুষ্ঠানটিত আগন্তুক বৰদিন, ৩১ডিচেম্বৰ আৰু নৱবৰ্ষ উদযাপনৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে অত্যাধিক ৰাগীয়াল দ্ৰব্য সেৱন কৰি যান-বাহন নচলাই, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান, নিয়ন্ত্ৰিত গতীতহে যানবাহন চলোৱা, যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা আদি সন্দৰ্ভত লবলগীয়া সাৱধানতাৰ উপৰি এই শীতকালত চৌদিশ কুৱলীয়ে আবৃত হৈ থকা অৱস্থাত গাড়ী চালনাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নীতি নিয়ম সন্দৰ্ভত বিশদ আলোচনা কৰি এইক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান কৰা হয়। ইফালে জনসচেতনতা অনুষ্ঠানটিত নেডফিমচৰ উদ্যোগত পথসুৰক্ষা বিষয়ক এখন বাটৰ নাটো পৰিবেশন কৰা হয়।
Trending
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব
- APRINS Launches Skill Development Training Program on GI-Tagged Mizo Chilli Pickle and Banana Chips Making in Sesawng, Mizoram under LIC HFL SANGAM initiative
- এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ
- National Level IP Yatra Programme to be Held in Shillong on 27th–28th November 2025
- প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন
- পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত
- ওপজা দিনত মালিগাঁৱত অন্তৰংগ আলাপ আৰু গীতে – মাতে জুবিন গাৰ্গক সোঁৱৰণ
- নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন