পবিতৰা অভয়াৰণ্য মুকলি

0 322

জীপ চলাই আহি পবিতৰা অভয়াৰণ্য মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ৷ ২০১৮-১৯ বৰ্ষৰ বাবে মুকলি কৰা পবিতৰাত হাতী চাফাৰীৰ আমোদ লয় দুয়োগৰাকী মন্ত্ৰী আৰু কেইবাগৰাকী পৰ্যটকে।এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যখনি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা এই অনুষ্ঠানে আজি এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে পবিতৰাত। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে মায়ংৰ পৰাম্পৰাগত ৰজা তৰনী কান্ত সিংহ কোঁৱৰ, বনবিভাগৰ উচ্চ পদস্থ বিষয়া, কাষৰীয়া গাৱৰ বিশিষ্ট ব্যক্তি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল। ২০১৮-১৯ পৰ্যটন বৰ্ষত পৰ্যটকৰ সুবিধাৰ্থে ২০ খন জীপ আৰু ১০ টা হাতী ছাফাৰীৰ ব্যৱস্থা কৰিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই। পবিতৰা মুকলি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অভয়াৰণ্যখনৰ আন্তঃগাথনি উন্নয়নত গুৰুত্ব আৰোপ কৰে। লগতে পবিতৰাৰ অভ্যন্তৰত জীপ চাফাৰীৰ বাবে থকা প্ৰায় ১২ কিলোমিটাৰ পথ উন্নয়নত গুৰুত্ব প্ৰদান কৰি বাৰিষাৰ সময়ত এই পথ সমূহতে জীৱ-জন্তুু সমূহে আশ্ৰয় লোৱাত সহায় হ’ব বুলি উল্লেখ কৰে।আজিৰ মুকলি অনুষ্ঠানত দুগৰাকী মন্ত্ৰীৰ লগতে দেশী-বিদেশী ১৫ গৰাকী পৰ্যটকে হাতী চাফাৰীৰ আমোদ লয় ৷ ৩৮ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি থকা পবিতৰা অভয়াৰণ্যখনত ১০২ টা গঁড়, পাচ শতাধিক বনৰীয়া মহ , সহস্ৰাধিক বনগাহৰি আৰু কেইবাটাও প্ৰজাতিৰ জীৱ-জন্তু আছে। উল্লেখ্য যে বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে জনোৱা মতে বিগত পৰ্যটন বৰ্ষত দেশী পৰ্যটক প্ৰায় ২৫,৮১৫ জন আৰু বিদেশী পৰ্যটক ৫৬১ জনৰ পৰা পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৪৭,৪৫,২৫০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল পবিতৰা অভয়াৰণ্যই ।

Leave A Reply

Your email address will not be published.