গুৱাহাটী খানাপাৰাস্থিত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত পলাশবাৰীৰ উপৰহালী গাঁও পঞ্চায়তৰ সভা কক্ষত যোৱা ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৫ দিনীয়া সোণালিকা মেচিনৰ সহযোগত মুগা কটা প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সভাপতি মুনীন্দ্ৰ দাসৰ তত্বাবধানত অনুষ্ঠিত প্ৰশিক্ষণৰ শিৱিৰ মুকলি কৰে উপৰহালী গাঁও পঞ্চায়তৰ সভাপতি জগদীশ ঠাকুৰীয়াই। ঠাকুৰীয়াই ভাষণ প্ৰসঙ্গত মুগা সূতা কটা প্ৰশিক্ষণৰ জড়িয়তে অঞ্চলটোৰ মহিলা-যুৱতীসকলে ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে শিপিনীসকলে এই ব্যৱসায়ৰে অসমৰ ঐতিহ্য বজাই ৰখাত সহায়ক হ’ব বুলি মন্তব্য কৰে। প্ৰশিক্ষণত খানাপাৰাস্থিত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ সঞ্চালক তথা বৈজ্ঞানিক “ডি” চনি বিজয় কুমাৰে প্ৰশিক্ষণৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক ৯০% ৰেহাই মূল্যত সোনালিকা মেচিন যোগান ধৰাৰ লগতে কেন্দ্ৰীয় ৰেচম বোৰ্ড বাংগালোৰ অধীনত একোখনকৈ চৰকাৰী প্ৰমাণ পত্ৰ কৰা হ’ব। ইয়াৰ উপৰিও প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক প্ৰত্যেক দিনাই ১৫০.০০ টকা ভাট্টা লাভ কৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰি মহিলা মুগা শিপিনীসকলে মূগা সূতা কামত ভালকৈ নিয়োজিত হৈ উন্নতিৰ পথত আগুৱাই যোৱাৰ বাবে আহ্বান জনায়। উক্ত প্ৰশিক্ষণ শিৱিৰত কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিষয়ববীয়া অনুপ বৰ্মন উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰাক প্ৰাথমিক মুগাৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে মুগা কিমান বিধ, কোনবোৰ মুগাৰ আহ বেছি লগতে বজাৰ মূল্য বছৰি লাভ আদি সন্দৰ্ভত আলোকপাত কৰে। প্ৰশিক্ষণৰ মাজে মাজে উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰণৱজ্যোতি শৰ্মাই উপস্থিত থাকি জীৱন বীমা, লোন লোৱা আৰু ঋণ পৰিশোধ কৰা আদি বিষয়ত বিতংভাৱে ব্যাখ্যা কৰি বুজাই দিয়ে। প্ৰশিক্ষণত উপৰহালী গাঁও পঞ্চায়তৰ সচিব সীমান্ত বৈশ্য, সহযোগী গৌৰৱ পাঠক উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে স্বাৱলম্বী হ’বলৈ আহ্বান জনায়। উক্ত প্ৰশিক্ষণত ২০ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ কাৰিকৰী টেকনেচিয়ান ডিগাম্বৰ প্ৰসাদ আৰু বিজয় বৈশ্যই। প্ৰশিক্ষণৰ অন্তিম দিনা প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা প্ৰতিবেদন পাঠ কৰে হেমলতা নাথ দাস, ৰুণু দাস আৰু পদুমী হীৰাই। শেষত তত্বাবধায়ক মুনীন্দ্ৰ দাসৰ শলাগৰ শৰাইৰে ৫ দিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি পৰে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme