বিদ্যালয়ৰ সংৰ্বাগীন উন্নতি আৰু শিক্ষাৰ্থীসকলক পাঠদান কৰাৰ সময়ত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ সহায়ক হ’ব পৰাকৈ লেখক ভুপেন কুমাৰ দাসে প্ৰস্তুত কৰি উলিয়াইছে আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব। আমাৰ বিদ্যালয় আমাৰ দায়িত্ব শীৰ্ষক গ্ৰন্থখন আজি পলাশবাৰীৰ সৰপাৰাস্থিত ডায়েট, মিৰ্জাত এক গাম্ভিৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে শুভ-উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই। উন্মোচন কৰি শৰ্মাই অতীতৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা আৰু বৰ্তমানৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত বহুত পাৰ্থক্য অহা বুলি কয়। বৰ্তমান সময়ত চৰকাৰী শিক্ষাৰ কৰবাত নহয় কৰবাৰ সমস্যাৰ এটাৰ সৃষ্টি হৈছে। যিটো সমস্যা চৰকাৰৰ সদিচ্ছা তথা আমি সকলোৱে মষিমূৰ কৰিব লাগিব। শিক্ষক এজনে শিক্ষাৰ্থীসকলক মানুহ হিচাপে গঢ় দিব পাৰে। এই গ্ৰন্থখনৰ জৰিয়তে নিশ্চয়কৈ বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰসকলক উপকাৰ কৰিব। পৃথিৱীত সকলো বস্তু এটা সময়ত নাইকিয়া হৈ যাব, কিন্তু মনৰ চিন্তাৰে ভাল কাম বা ভাল গ্ৰন্থ লিখি উলিয়ালে কেতিয়াও নাইকিয়া হৈ নায়ায। ই সদায় চিৰস্মৰণীয় হৈ থাকিব বুলি তত্বগধুৰ ভাষণ প্ৰদান কৰি লেখক দাসৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত ডায়েট, কামৰূপ মিৰ্জাৰ অধ্যক্ষা ড০ পংকিজা বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত ডায়েট দৰঙৰ অৱসৰী অধ্যক্ষ মমতাজ আলী আহমেদ, সদৌ ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামী, সদৌ অসম মাধ্যমিক শিক্ষক আৰু কমচাৰী সন্থাৰ উপদেষ্টা যতীন দাসে উপস্থিত থাকি ‘আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব’ শীৰ্ষক গ্ৰন্থখনৰ ওপৰিও শিক্ষাৰ লগত জড়িত বিভিন্ন দিশ আলোকপাত কৰি লেখক দাসৰ প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে। সভাত ডায়েটৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীসকলে এটি সমবেত সংগীত পৰিবেশন কৰি সভাৰ আৰম্ভণী কৰে। ‘আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব’ শীৰ্ষক গ্ৰন্থখনৰ লেখক ভুপেন কুমাৰে সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি কয় যে, ক’ভিডৰ বন্ধৰ সময়ছোৱাত কিবা এটা কৰাৰ মনত ভাবি এই গ্ৰন্থখন লিখি উলিওৱা বুলি কোৱাৰ লগতে গ্ৰন্থখন পঢ়ি নিশ্চয়কৈ সকলোৱে উপকৃত হব বুলি আশা প্ৰকাশ কৰে। লগতে এই গ্ৰন্থখনে শিক্ষা ক্ষেত্ৰখনত ধনাত্মক প্ৰভাৱ পেলালে সুখী হব বুলি লেখক দাসে কয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা