ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ স্থায়ীভাৱে শ্ৰীশ্ৰীকৃষ্ণ প্ৰভুৰ মন্দিৰ নিৰ্মাণৰ কাম আজি পুনৰ আৰম্ভ কৰা হয়। প্ৰায় ২ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰৰ পুন: নিৰ্মাণ কাৰ্য মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।লাইখুটা স্থাপন কৰি বিধায়ক ঠাকুৰীয়াই পলাশবাৰী ৰাস মহোৎসৱে নানা ঘাট- প্ৰতিঘাটৰ মাজেৰে গৌৰৱোজ্জ্বল ৭৬ বৰ্ষ অতিক্ৰম কৰি এক সুকীয়া মাত্ৰা বহন কৰিছে বুলি মন্তব্য কৰে। লগতে ৰাস মহোৎসৱৰ শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰৰ মূল মণ্ডপ পুন: নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰি গৌৰৱ অনুভৱ হোৱা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। উক্ত কাৰ্যসূচীত পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতা, উপ-পৌৰপতি ভাস্কৰ কলিতা, ৭৬ তম্ পলাশবাৰী ৰাস মহোৎসৱৰ সভাপতি মণিময় কৰ, কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতি, সাধাৰণ সম্পাদকদ্বয় পংকজ দাস, অৰূপ দাসকে ধৰি ৰাস মহোৎসৱ সমিতিৰ বিষয়ববীয়া, সদস্য তথা অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা