আজি সন্ধ্যা ৫ বজাৰ পৰা মহানগৰীৰ পল্টন বজাৰ বেংগলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত “বৃষ্টি কথা, গুৱাহাটী” ৰ সৌজন্যত বহুভাষিক কাব্য সন্ধ্যা বিশ্ব কবিতা দিৱসৰ স’তে সংগতি ৰাখি অনুষ্ঠিত হয় । কবি বিদ্যুৎ চক্ৰৱৰ্তীয়ে আঁত ধৰা নান্দনিক অনুষ্ঠান সমবেত সংগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছতে মীনাক্ষী চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত বৰ্ণিল কবি সন্মিলনত নিশুতি মজুমদাৰ, দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, দীপক শৰ্মা, ৰুমী লস্কৰ বৰা, ইন্দুপ্ৰভা দেৱী, মৈত্ৰেয়ী মুখাৰ্জী, মিনতি বৰুৱা, সঞ্জয় চক্ৰৱৰ্তী, বিকাশ সৰকাৰ, ৰূপম চক্ৰৱৰ্তী, সঞ্জয় চক্ৰৱৰ্তী, সজল পাল, মম্পি গুপ্তা, অলকা গোস্বামী, কমলিকা মজুমদাৰ, সুস্মিতা মজুমদাৰ, পৰাগ দেৱ চৌধুৰী, ডালিয়া সিংহ, চন্দামিতা নাথ, অসীমা সিংহ, গীতাঞ্জলি ৰায়, অসীম ঘোষ, মধুমিতা ঘোষ, তুষাৰ কান্তি সাহা, মুন চক্ৰৱৰ্তী প্ৰভৃতিয়ে অসমীয়া, বাংলা, বিষ্ণুপ্ৰিয়া মণিপুৰী, নেপালী, হিন্দী আদি ভাষাত কবিতা পাঠ কৰে । সুগন্ধী ফুল চটিয়াই কবি সমাজক আদৰণি জনোৱা কবি সন্মিলনত অংশ লৈ কবি, সাংবাদিক দীপক শৰ্মাই কয়- “কবি, সাহিত্যিক, সাংবাদিকৰ অন্তৰ নিৰ্মল হ’ব লাগে । গাখীৰতকৈ পৰিষ্কাৰ হ’ব লাগে । নিৰ্মল কবিয়ে জগতত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহই কয়- “কবিতা মানেই মানৱতা।মানৱতা য’ত আছে, তাত কবিতা আছে । কবি মিনতি বৰুৱাই কয়-কবিতাৰ আকাশৰ তলত জিৰণি ল’লে শান্তি পায়।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা