প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 99

বৰষুণ আৰু প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকে আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত হিলদল ভাঙি ওলাই আহিল। জনপ্ৰিয় নেতাগৰাকীয়ে আজি তেখেতৰ ডিব্ৰুগড়ৰ বাসগৃহৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু সমীপৱৰ্তী নামঘৰত সেৱা জনাই সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল অভিমুখে আগবাঢ়ে। তেখেতৰ ৰেলীত কেইবা সহস্ৰাধিক লোকৰ সমাগম হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ ৰণগৌড়া নাৰ্জাৰী, কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়কে সংগ দিয়ে জাতীয় নায়কক। ডিব্ৰুগড়ত আয়োজিত এখন বিশাল ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে সোণোৱালে। সোণোৱালে ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তেখেতৰ মনোনয়ন দাখিল কৰে।

সোণোৱালে সমবেত অগণন জনতাক সম্বোধন কৰি কয়, “আজি মোৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ পৰা অহা শ্ৰদ্ধাৰ বিজেপি-অগপ আৰু মিত্ৰশক্তিৰ কাৰ্যকৰ্তাসকলৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ চৰণত ম‌ই কৰযোৰে প্ৰণিপাত জনাইছোঁ। ৰাতিপুৱাৰ পৰা বৰ্ষামুখৰ হৈ থকা প্ৰতিকূল বতৰকো নেওচি আপোনালোকে মোক যিদৰে উৎসাহিত কৰিলে, মোৰ দৃঢ় বিশ্বাস আগন্তুক নিৰ্বাচনৰ দিনাও আপোনালোকৰ একেই শক্তিশালী ৰূপ প্ৰকাশ পাব। ‘আকৌ এবাৰ মোদী চৰকাৰ’ সংকল্পেৰে আমি আগবাঢ়িছোঁ। আমাৰ দৃঢ় বিশ্বাস যে- তৃতীয়বাৰৰ বাবে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী পদত অধিস্থিত হ’ব। তাৰ বাবে অন্যান্য ৰাজ‍্যৰ লেখীয়াকৈ আমি অসমৰ পৰা বিজেপি, অগপ, ইউপিপিএল আৰু সন্মিলিত গণশক্তিৰ মিত্ৰজো‍ঁটে ৰাজ্যখনৰ সৰ্বাধিক আসন পোৱাৰ প্ৰয়াস কৰিছোঁ। বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামত থকা ৰাজ‍্যিক, জিলা, মৰ্চা, বুথ আদি পৰ্যায়ৰ প্ৰতিজন কাৰ্যকৰ্তাই তাৰ বাবে অহৰ্নিশে কষ্ট কৰিছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ বাবে মোদী ডাঙৰীয়াই লোৱা সংকল্পত আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিও যেন সমানে ভাগীদাৰ হ’ব পাৰে আৰু ডিব্ৰুগড় সমষ্টি দেশৰ অন‍্যতম লেখত ল’বলগীয়া লোকসভা সমষ্টি হৈ পৰে, তাৰ বাবে আমি একেলগে কাম কৰিম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদী ডাঙৰীয়াই ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে ভাৰতৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি দৃঢ়তাৰে কাম কৰিলে আৰু যিবোৰ পৰিকল্পনা গ্ৰহণ কৰিলে, তাৰ বাবে আজি দেশৰ জনগণে সামাজিক ন‍্যায় পাবলৈ সক্ষম হৈছে। ভাৰতৰ প্ৰতিখন ৰাজ‍্যৰ জনসাধাৰণে আজি সম-বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ গাঁও, চহৰ আৰু চাহ বাগিচা অঞ্চলত চকুত লগা পৰিৱৰ্তন হৈছে। ‘বিকশিত ডিব্ৰুগড় লোকসভা সমষ্টি, বিকশিত অসম, বিকশিত ভাৰত’ গঢ়াৰ দিশত আমি সকলোৱে ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব। বিজেপি নেতৃত্বাধীন দ্বৈত চৰকাৰখনে খিলঞ্জীয়া ৰাইজৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে যিবোৰ পদক্ষেপ ল’লে, তাৰ বাবে অসম আজি সম্পূৰ্ণ সুৰক্ষিত। এই যাত্ৰা অব‍্যাহত ৰাখিবলৈ আমি প্ৰতিগৰাকীয়ে সংকল্পবদ্ধ।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়াৰ সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কয়, “ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা আমাৰ আটাইৰে শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে। এই গুৰুত্বপূৰ্ণ সময়ছোৱাত ম‌ই তেখেতৰ লগত একেলগে থকাৰ সৌভাগ্য হ’ল। তেখেতক অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। ম‌ই নিশ্চিত যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনত বিপুল ভোটত সোণোৱাল ডাঙৰীয়াই জয়লাভ কৰিব। মোৰ নিজৰ নিৰীক্ষণৰে আপোনালোকক ক’ব পাৰোঁ যে ভোটৰ মাৰ্জিন আঢ়ৈৰ পৰা তিনিলাখৰো ওপৰত হ’ব। অসমত অতিকমেও ১১ খন আসন আমাৰ দলৰ বাবে নিশ্চিত।”

আজি বিজেপি মিত্ৰশক্তিৰ এই মহাপৰ্বত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীসকল- কেশৱ মহন্ত, ৰণজিৎ কুমাৰ দাস, সঞ্জয় কিষাণ, বিমল বড়া, যোগেন মহন, বিধায়কসকল- প্ৰশান্ত ফুকন, তেৰছ গোৱালা, ভাস্কৰ শৰ্মা, বিনোদ হাজৰিকা, সুৰেন ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱা প্ৰমুখ্যে বিজেপি মিত্ৰশক্তিৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকল।

Leave A Reply

Your email address will not be published.