প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ

0 73

অৰণ্য সংকুচনৰ ফলশ্ৰুতিত অস্বাভাৱিক হাৰত হ্ৰাস পাবলৈ ধৰিছে জহামালজাতীয় প্ৰাণীসমূহ৷ International Union for Conservation of Nature চমুকৈ IUCN এ ২০০৮ চনত এই প্ৰজাতিৰ প্ৰাণীসমূহক সংকটমুক্ত বুলি চিহ্নিত কৰিছিল যদিও অতি সম্প্ৰতি ইয়াৰ সংখ্যা অস্বাভাৱিক হাৰত হ্ৰাস পাবলৈ ধৰিছে৷ বিশেষকৈ অসমত এই প্ৰাণীৰ সংখ্যা ৮০%ই নিঃশেষ হৈছে৷ যি ২০ শতাংশ ব্ৰতী আছে সিয়ো ঘন অৰণ্যাঞ্চল আৰু খাদ্যৰ অভাৱত গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ৰোষৰ বলি হ’ব লগা হৈছে৷
ইংৰাজীত Asian Palm Civet নামেৰে পৰিচিত এনে প্ৰজাতিৰ এটা প্ৰাপ্তবয়স্ক প্ৰাণী কিছুদিন পুৰ্বে শুকদল বৰবৰী গাঁৱৰ পৰা একেবাৰে মুমুক্ষ অৱস্থাত উদ্ধাৰ কৰিছিল প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে৷ মঞ্চৰ উপদেষ্টা ডা° নীলুৎপল কাকতিৰ তত্বাবধানত যথোপযুক্ত চিকিৎসাৰ অন্তত সুস্থ হয়৷ সেয়েহে আজি উক্ত জহামালটোক তেতেলী পাহাৰৰ অভ্যন্তৰৰ গভীৰ অৰণ্যত পুনৰ মুকলি কৰি দিয়ে৷ বৃক্ষবন্ধু হিতেশ শৰ্মাৰ নেতৃত্বত সম্পাদক ধীৰাজ পাতৰ, পাৰ্থপ্ৰতিম গৌতম, ভূপেন দাস, ইৰেণ ডেকা, ধৰ্মেন্দ্ৰ বৰদলৈ, ৰতন মেধী, কমলেশ্বৰ বৰদলৈ আদিকৰি প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ কেইবাগৰাকীও সদস্যই পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ মঞ্চই ডা° নীলুৎপল কাকতি আৰু ধ্ৰুৱজ্যোতি কাকতিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এনে অবুধ প্ৰাণী সমূহক সুৰক্ষা প্ৰদান কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ অসমবাসীক আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.