পশুধন পালনৰ সজাগতামূলক সভা অনুষ্ঠিত

0 362

ৰাজ্যৰ আন  জিলাৰ লগতে কামৰূপ জিলাতো কৃষকসকলে হাঁহপালন কৰি যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে আজাৰা কাঁহিকুছিত কৃষি বিজ্ঞান কেন্দ্ৰই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপৰ অংশ হিচাপে ৩ ডিচেম্বৰত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ ৰাধাকুছিত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য সাৰথিৰ সহযোগত হাঁহপালন বিষয়ক এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ ইনাক্ষী ডেকাই হাঁহপালন সন্দৰ্ভত বাখ্যা দাঙি ধৰি ‘ডি গোভা চুপাৰ এম’ নামৰ উন্নত জাতৰ হাঁহবিধ বৈজ্ঞানিকভাবে পালন কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি বুলি মন্তব্য কৰে ।অনুষ্ঠানত জিলা পৰিষদৰ সদস্যা ৰীণা পাটোৱাৰী,গ্ৰাম্য সাৰথিৰ উপদেষ্টা ৰমেন বৰুৱা,স্থানীয় হাঁহ পালক ৰিদিপ ডেকাই চমুকৈ হাঁহপালনেৰে স্বাৱলম্বী হ’বলৈ সকলোকে আহ্বান জনায়।অনুষ্ঠানটোত ৬০ গৰাকীতকৈ অধিক কৃষক,হাঁহ পালকে ভাগ লয়।

Leave A Reply

Your email address will not be published.