পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তত উৎপাদিত সামগ্ৰীৰ পেকেজিং আৰু পৰ্যটনথলী উন্নয়নৰ পদক্ষেপ

0 436

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ দক্ষিণ ভোলাগাওঁ গাঁও পঞ্চায়তৰ অধীনৰ অসম মেঘালয় সীমান্তৰ জনজাতীয় বসতি প্ৰধান অঞ্চল সমূহৰ উৎপাদিত থলুৱা সামগ্ৰী সমুহ সংগ্ৰহ কৰি তাক পেকেজিং কৰি বজাৰলৈ বা গ্ৰাহকৰ মাজলৈ নিয়াৰ বাবে প্ৰধানমন্ত্ৰী বন্ধন বিকাশ যোজনাৰ অধীনত মাটাইখাৰত স্থাপন কৰা হৈছে বন্ধন বিকাশ কেন্দ্ৰ।গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ আই আই ই ৰ সহযোগত স্থাপন কৰা কেন্দ্রটোৰ জৰিয়তে মেঘালয় সীমান্তবৰ্তী অঞ্চল ক্ৰমে মাটাইখাৰ , জিমিৰগাঁও কুণ্ডিলনগৰ , শালশেৰ , মিলনপুৰ আদি অঞ্চলত উৎপাদিত জালুক , আদা , হালধি , জহা চাউল,আমলখি, শিলিখা , তেজপাত ,শালগছৰ পাত , অৰ্জুন গছৰ ছাল আদি বৈজ্ঞানিক পদ্ধতিত সংগ্ৰহ কৰি তাক পেকেজিং কৰা হ’ব।
তেনেদৰে কেন্দ্ৰই অঞ্চলটোৰ কেবাটাও জলপ্ৰপাতকে ধৰি প্ৰাকৃতিক পৰ্যটনথলী সমূহৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব ।২৬ ডিচেম্বৰত মাটাইখাৰ বন্ধন বিকাশ কেন্দ্ৰটো উদ্বোধন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে আই আই ই গুৱাহাটীৰ কৰ্মকর্তা চয়নিকা ডেকা আঁত ধৰা অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত কেন্দ্ৰই অঞ্চলটোৰ বিকাশৰ বাবে গড় কৰা পদক্ষেপৰ শলাগ লৈ এইক্ষেত্ৰত তেওঁৰ ফালৰ পৰা সকলো সহায় সহযোগিতা আগবঢ়োৱা হ’ব বুলি ব্যক্ত কৰে। অনুষ্ঠানত আই আই ই গুৱাহাটীৰ সঞ্চালক অভিজিৎ শৰ্মা,প্ৰকল্প মুৰব্বী হেমন্ত ৰাভা ,কেন্দ্ৰৰ উপদেষ্টা প্ৰমোদ কলিতা,সভাপতি প্ৰাণেশ্বৰ ৰাভা , সম্পাদক চাৰ্জন ৰাভা মেগো,ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন,জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী,দক্ষিণ ভোলাগাঁও অগপ আঞ্চলিক কমিটিৰ সভাপতি কন্দৰ্প ৰাভা,সম্পাদক কল্যান কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।আনহাতে বিধায়ক কলিতাই অনুষ্ঠানৰ অন্তত জলপ্ৰপাতকে ধৰি পৰ্যটন থলিলৈ উন্নীতকৰণৰ সম্ভাৱনা থকা কেবাটাও প্ৰাকৃতিক স্থান পৰিদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.