বিগত বৰ্ষৰ দৰে এইবাৰো পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দাসে । তাৰ পাছত বিদ্যালয়ৰ নৱ নিৰ্মিত স্থায়ী ভৱনৰ (মণিদীপা ভৱন) দ্বাৰ মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুন্তী বালা দাসে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য -গীত পৰিবেশন কৰে ।অনুষ্ঠানত শিক্ষাকে ধৰি সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° অমল দত্ত পাটগিৰী , ড° পুলকানন্দ দত্তবৰুৱা,অভিজিত শৰ্মা বৰুৱা আৰু দিগন্ত হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। চমু ভাষণত আটাইকেইজনে শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াৰ উপৰিও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷
Trending
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’