বিগত বৰ্ষৰ দৰে এইবাৰো পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত অতি গাম্ভীৰ্যপূৰ্ণ ভাবে উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দাসে । তাৰ পাছত বিদ্যালয়ৰ নৱ নিৰ্মিত স্থায়ী ভৱনৰ (মণিদীপা ভৱন) দ্বাৰ মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুন্তী বালা দাসে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য -গীত পৰিবেশন কৰে ।অনুষ্ঠানত শিক্ষাকে ধৰি সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° অমল দত্ত পাটগিৰী , ড° পুলকানন্দ দত্তবৰুৱা,অভিজিত শৰ্মা বৰুৱা আৰু দিগন্ত হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। চমু ভাষণত আটাইকেইজনে শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াৰ উপৰিও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ