কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু গুৱাহাটী পৌৰ নিগমৰ ৩ নং ৱাৰ্ডৰ পাৰিষদ কল্লোল চক্ৰৱৰ্তীৰ সহযোগত ১৬ ফেব্ৰুৱাৰীত পাণ্ডুৰ ৪ নং কলনিত ” নিচা মুক্ত অসম অভিযান” শীৰ্ষক এক মাদকদ্ৰব্য আৰু ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল পাণ্ডু অঞ্চলৰ যুৱ সমাজক মাদক দ্ৰব্য আৰু ড্ৰাগছৰ অপব্যৱহাৰৰ ভয়াবহতাৰ পৰা সাৱধান কৰি সজাগতা সৃষ্টি কৰা। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত আৰক্ষীৰ অনুকূল মালাকাৰ, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভৰালী, ৩ নং ৱাৰ্ডৰ পাৰিষদ কল্লোল চক্ৰৱৰ্তী ,ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা শ্ৰমিক নেতা দ্বিজেন লহকৰ অসম ৰাজ্যিক দ্ৰাগ বিৰোধী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঞি,ড্ৰাগছ সংস্থাপন কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক অনুপম ৰোহিত, বিশিষ্ট শৰীৰচৰ্চা বিদ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাহুল শ্বেখকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত ভাগ লোৱা প্ৰায় ৫০০ স্থানীয় বাসিন্দাই মাদক দ্ৰব্য আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানত কৃষ্ণ কৃপা আশ্ৰমৰ সম্পাদক ইন্দ্ৰজিৎ সিংহৰ লগতে আন আন কেইবাজনেও নিজৰ ভাষণত কয় যে “মাদকদ্ৰব্য আৰু ড্ৰাগছৰ অপব্যৱহাৰে সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে। এই অভিযানৰ জৰিয়তে আমি যুৱ সমাজক সজাগ কৰা আৰু এখন নিচা মুক্ত সমাজ গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সহকাৰী আৰক্ষী আয়ুক্ত অনুকুল মালাকাৰে মাদক দ্ৰৱ্য আৰু ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত যুৱ সমাজক সজাগ হ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয়, “মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াটো কেৱল আৰক্ষীৰ দায়িত্ব নহয়, ই সমাজৰ প্ৰতিজন ব্যক্তিৰে দায়িত্ব।”আৰু এই ভয়াবহতাৰ পৰা যুৱচামক বচাবৰ বাবে আমি সকলোৱে মিলি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
Trending
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY