কৃষ্ণ কৃপা আশ্ৰম ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু গুৱাহাটী পৌৰ নিগমৰ ৩ নং ৱাৰ্ডৰ পাৰিষদ কল্লোল চক্ৰৱৰ্তীৰ সহযোগত ১৬ ফেব্ৰুৱাৰীত পাণ্ডুৰ ৪ নং কলনিত ” নিচা মুক্ত অসম অভিযান” শীৰ্ষক এক মাদকদ্ৰব্য আৰু ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল পাণ্ডু অঞ্চলৰ যুৱ সমাজক মাদক দ্ৰব্য আৰু ড্ৰাগছৰ অপব্যৱহাৰৰ ভয়াবহতাৰ পৰা সাৱধান কৰি সজাগতা সৃষ্টি কৰা। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত আৰক্ষীৰ অনুকূল মালাকাৰ, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভৰালী, ৩ নং ৱাৰ্ডৰ পাৰিষদ কল্লোল চক্ৰৱৰ্তী ,ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা শ্ৰমিক নেতা দ্বিজেন লহকৰ অসম ৰাজ্যিক দ্ৰাগ বিৰোধী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঞি,ড্ৰাগছ সংস্থাপন কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক অনুপম ৰোহিত, বিশিষ্ট শৰীৰচৰ্চা বিদ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাহুল শ্বেখকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত ভাগ লোৱা প্ৰায় ৫০০ স্থানীয় বাসিন্দাই মাদক দ্ৰব্য আৰু ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানত কৃষ্ণ কৃপা আশ্ৰমৰ সম্পাদক ইন্দ্ৰজিৎ সিংহৰ লগতে আন আন কেইবাজনেও নিজৰ ভাষণত কয় যে “মাদকদ্ৰব্য আৰু ড্ৰাগছৰ অপব্যৱহাৰে সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে। এই অভিযানৰ জৰিয়তে আমি যুৱ সমাজক সজাগ কৰা আৰু এখন নিচা মুক্ত সমাজ গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সহকাৰী আৰক্ষী আয়ুক্ত অনুকুল মালাকাৰে মাদক দ্ৰৱ্য আৰু ড্ৰাগছৰ ভয়াবহতা সন্দৰ্ভত যুৱ সমাজক সজাগ হ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয়, “মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াটো কেৱল আৰক্ষীৰ দায়িত্ব নহয়, ই সমাজৰ প্ৰতিজন ব্যক্তিৰে দায়িত্ব।”আৰু এই ভয়াবহতাৰ পৰা যুৱচামক বচাবৰ বাবে আমি সকলোৱে মিলি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী