পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগ আৰু আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আই কিউ এ চি, এন এছ এছ তথা পাণ্ডু মহাবিদ্যালয়ৰ আই আই চি আৰু নতুন দিল্লীৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিও- ইনফৰমেটিক্সৰ দ্বাৰা আয়োজিত ৰিম’ট চেঞ্চিং আৰু জি আই এছ প্রয়োগ কৰি গুৱাহাটীৰ নগৰীয়া বানপানীৰ ওপৰত ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহজোৰা কৰ্মশালাৰ আজি সন্ধিয়া সামৰণি পৰে। কৰ্মশালাত মুঠ ১৬ খন আলোচনা সত্ৰ অনুষ্ঠিত হয়। তেনেদৰে সপ্তাহযোৰা কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন জ্ঞান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰিও ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ৰ জলবায়ু আৰু জ্যোতির্বিজ্ঞান বিশেষজ্ঞ , কামৰূপ মহানগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নতুন দিল্লীৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিও-ইনফৰমেটিক্সৰ বিজ্ঞানী , গুৱাহাটী বিশ্ববিদ্যালয় আৰু পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ শিক্ষাবিদসকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাত বিষয়টোৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশ সামৰি লোৱা হয়। শনিবাৰে কৰ্মশালাৰ অন্তিম দিনটোত দীপৰ বিল আৰু পলাশবাৰীৰ কালমণি নদীলৈ এক ক্ষেত্ৰ ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । যাতে নগৰীয়া জলাশয় আৰু নিষ্কাশন ব্যৱস্থাৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিব পাৰি। উল্লেখ্য যে ১৮ নৱেম্বৰত পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্চয় জ্যোতি বৰাই সপ্তাহযোৰা কৰ্মশালাখন উদ্বোধন কৰিছিল । উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ অধ্যক্ষ ডঃ প্রদীপ কুমাৰ ভট্টাচার্য , নিদিষ্ট বক্তা হিচাপে হাৰিয়ানাৰ ৰোহটকৰ স্কাইলাইন ইনষ্টিটিউট অৱ জিওইনফর্মেটিক্স আৰু নতুন দিল্লীৰ নেট্ৰাৰ একাডেমিকৰ ডিন ডঃ ৰবীন্দ্ৰ নাথ তিৱাৰী উপস্থিত আছিল। কৰ্মশালাত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধানৰ বাবে ৰিম’ট চেঞ্চিং আৰু জি আই এছ পদ্ধতি ব্যৱহাৰ কৰি মুঠ ১৫ টা পৰামৰ্শ আগবঢ়োৱা হৈছে। কৰ্মশালাৰ আহ্বায়ক ডঃ নিৰঞ্জন ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে আয়োজক সকলে চৰকাৰ আৰু অন্যান্য উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকৰ পৰামৰ্শ সমূহ দাখিল কৰিব।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ