দেশভক্তি আৰু পৰাক্ৰমৰ স্বর্ণিল গাথাৰে মহিমামণ্ডিত মহাবীৰ লাচিত বৰফুকনৰ যুগমীয়া কীৰ্তি প্ৰসাৰিত কৰাৰ লক্ষ্যৰে নৰ্থ ইষ্ট সংস্থাই দিল্লীত উদযাপন কৰিলে লাচিত দিৱস। আজি দিল্লীৰ হাৰিয়ানা ভৱনত আয়োজন কৰা লাচিত দিৱসত নৰ্থ ইষ্ট সংস্থাই মহাবীৰ লাচিতৰ জন্ম তিথিত তেওঁক স্মৰণ কৰাৰ লগতে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ সকলোকে আহ্বান জনায়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসমৰ বৌদ্ধিক প্রমুখ শঙ্কৰ দাস কলিতা, ভাটিন্দা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ সম উপাচার্য কিৰণ হাজৰিকা, অসমৰ প্ৰচাৰ প্ৰমুখ সুনীল মহান্তি, সংস্থাৰ অধ্যক্ষ ওম প্রকাশকে ধৰি দিল্লীত বাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। বন্তি প্রজ্বলন তথা লাচিতৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বক্তৃতা আগবঢ়াই শংকৰ দাস কলিতাই মহাবীৰ লাচিতৰ এই পৰাক্ৰম তথা বীৰত্ব সৰ্বত্ৰ জনাজাত হোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়,লাচিত অসমৰ বীৰ বুলি অসমতে সীমাৱদ্ধ কৰি ৰখাৰ চেষ্টা কৰাতো অনুচিত। আজি শিৱাজীৰ কথা সকলোৱে জানে কিন্তু লাচিতৰ কথা বহুতে নাজানে। ইয়াৰ প্ৰথম কাৰণ হৈছে একাংশ বুৰঞ্জীবিদৰ ইচ্ছাকৃত অৱজ্ঞা আৰু দ্বিতীয়তে বহু লোকে লাচিত বৰফুকনক অসমৰ ভিতৰতে ৰাখিব খোজাৰ এক মনোবৃত্তি। ইয়াক সলনি কৰাৰ সময় আহি পৰিছে আৰু এইক্ষেত্রত বহুখিনি সফলতা লাভ কৰা হৈছে। লাচিতৰ যি দক্ষতা সেয়া ভৱিষ্যত প্ৰজন্মই জনাতো খুবেই জৰুৰী।” বিগত বৰ্ষত অসম চৰকাৰে দিল্লীত লাচিত দিৱস উদযাপন কৰাতো এক সজ কাম আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসম চৰকাৰৰ এই প্ৰয়াসকো একাংশ লোকে ব্যাপক সমালোচনা কৰিছিল। ইয়াৰ পিচত পাঠ্যক্ৰমৰ পৰা মোগলৰ কিছু পাঠ কৰ্তন কৰা বিষয়তো লৈ একাংশই লাচিত বৰফুকনৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল। সেই শ্ৰেণীৰ লোকে মোগল নাথাকিলে লাচিতো নাথাকে বুলি কৈছিল। তেওঁ কয় যে এনেধৰণৰ বক্তব্য তথা চিন্তাধাৰাৰ বাবেহে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাপৰাক্ৰমী যোদ্ধাৰ স্বর্ণিল গাথা আজিও সীমাৰ বেষ্টনীত আৱদ্ধ হৈ আছে। এই সীমাৱদ্ধতা অতিক্ৰম কৰিবলৈ সঠিক তথ্যৰ প্ৰসাৰতাৰ লগতে চিন্তাধাৰাৰ পৰিসৰ বহলোৱা প্ৰয়োজন। লাচিত বৰফুকন এদিনতে মহান যোদ্ধা বা পৰাক্ৰমী হোৱা নাই বুলি উল্লেখ কৰি তেওঁ মহাবীৰ লাচিতৰ যি প্রচেষ্টা তথা অধ্যাৱসায় সেয়া নতুন প্রজন্মই অধ্যয়ন তথা অনুকৰণ কৰা প্ৰযোজন বুলি কয়। তেওঁ কয় যে- লাচিত বৰফুকনে কেনেদৰে হাচতি ধৰা বৰুৱাৰ পৰা বৰফুকন পদলৈ পদোন্নতি লাভ কৰিছিল আৰু তাৰকাৰণে তেওঁ যিবোৰ পৰীক্ষাত উত্তীর্ণ হ’ব লগা হৈছিল সেই সকলোতে অনুশাসনৰ পৰা শ্রেষ্ঠতালৈকে সকলোৰে ৰহস্য লুকাই আছে। এইগৰাকী লাচিত বৰফুকনৰ অদম্য সাহস আৰু অদ্ভূত ৰণকৌশলৰ বাবে মোগল পৰাভূত হোৱাই নহয় বৰং সমগ্র দক্ষিণ পূব এছিয়াও ৰক্ষা পৰিছিল।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem